নগাঁও, 28 জানুৱাৰী : নগাঁও আৱৰ্ত ভৱনত চলি আছে কীৰ্তিকমল এনকাউণ্টাৰ ঘটনাৰ তদন্তৰ শুনানি (Public hearing of Kirtikamal Bora encounter) । তদন্তকাৰী বিষয়াক সাক্ষ্যদান কৰিবলৈ নগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈছে কীৰ্তিকমল বৰাৰ পিতৃ-মাতৃ । ৰাজ্যৰ অতিৰিক্ত মূখ্য সচিব পৱন বৰঠাকুৰ উপস্থিত হৈ পুৱাৰ পৰা গ্ৰহণ কৰিছে ঘটনাৰ শুনানি । ইতিমধ্যে এন্টি নাৰ্কটিক স্কোৱাডৰ লোকৰ লগতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক প্ৰায় তিনি ঘণ্টা সময় জেৰা চলায় তদন্ত কমিটিয়ে (Interrogation of SP Anand Mishra) ।
ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্যও গ্ৰহণ কৰিব তদন্ত কমিটিয়ে । ইতিমধ্যে নগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈছে কীৰ্তিকমল বৰাৰ পিতৃ মাতৃ । কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাত জড়িত আৰক্ষীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ পৰিয়ালৰ লোকে দাবী কৰিছিল যদিও ঘটনা সংঘটিত হোৱা নিশা অভিযুক্ত আৰক্ষীৰ স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃকমল বৰাৰ পিতৃ নিলকমল বৰাই ।
উল্লেখযোগ্য যে, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰাণ সম্পাদক ছাত্ৰনেতাগৰাকীক আৰক্ষী বাহিনীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত বুলি দাবী কৰি গুলী চালনা কৰিছিল (Student Leader Shot by Police in Nagaon) ৷
সাংবাদিকৰ সৈতে হোৱা মুখা-মুখিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো বুজাব প্ৰয়াস কৰিছিল যে, ছাত্ৰনেতাগৰাকী ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত ৷ ইয়াৰ পিছতে ৰাজ্যজুৰি দল সংগঠনে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ (Protest over encounter of Student Leader in Nagaon) কৰাৰ পিছত পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে এই সম্পৰ্কত তদন্ত ঘোষণা কৰে (Inquiry on Nagaon encounter) ৷
লগতে পঢ়ক : Nagaon police encounter: কীৰ্তিকমল এনকাউন্টাৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ