ETV Bharat / state

Protest against Assam police; ডিম্বেশ্বৰ মুছাহাৰীক নহয়, মোকো বধ কৰক: কীৰ্তিকমল বৰা - বিজেপিৰ দিনত মুক্তহত্যা

ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ ভুৱা এনকাউণ্টাৰৰ বলি হৈ ঘুণীয়া হোৱা নগাঁৱৰ কীৰ্তিকমল বৰা (Protest against Assam police)। বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ কীৰ্তিকমল বৰাৰ (Kirtikamal Bora protest against Assam police) । কীৰ্তিকমল বৰাৰ সৈতে প্ৰতিবাদত নামিল আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাও । ডিম্বেশ্বৰ মুছাহাৰী এনকাউণ্টাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী বিৰিঞ্চি বৰাৰ ।

Protest against Assam police
আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Feb 26, 2023, 6:50 PM IST

আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ

নগাঁও, 26 ফেব্ৰুৱাৰী : ‘‘ডিম্বেশ্বৰ মুছাহাৰীকে নহয় মোকো বধ কৰক’’ । এইবুলি লিখা প্লে কাৰ্ড হাতত লৈ নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদত বহিল কীৰ্তিকমল বৰা । সেইজনে কীৰ্তিকমল বৰা, যিজনে নগাঁও আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বলি হৈ চিৰদিনৰ বাবে ঘুণীয়া হ’ব লগা হৈছিল (Kirtikamal Bora fake encounter)৷

আয়ুক্ত পৰ্যায়ৰ তদন্ত আৰু চি আই ডিৰ নিৰপেক্ষ অনুসন্ধানৰ বাবে কীৰ্তিকমল বৰাক গুলীয়াই ঘূণীয়া কৰি নগাঁও আৰক্ষীয়ে কীৰ্তিকমল বৰাক ড্ৰাগছৰ সৈতে জড়িত কৰাৰ চেষ্টা চলায়ো বিফল হৈছিল ৷ সেই প্ৰাক্তন ছাত্ৰ নেতাই এইবাৰ অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে । আনকি একেমুখে ধিক্কাৰ জনাইছে অসম আৰক্ষীক (Kirtikamal Bora protest against Assam police)৷

উল্লেখ্য যে, ৰাজ্যত পুনৰ সংঘটিত অসম আৰক্ষীৰ আন এক ভুৱা এনকাউণ্টাৰক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ (Assam police fake encounter)। অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বলি হৈ শেহতীয়াকৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে ডিম্বেশ্বৰ মুছাহাৰী নামৰ এজন ব্যক্তিয়ে ।

ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীয়ে এজন কুখ্যাত ডকাইত কেনাৰাম বড়োক লক্ষ্য কৰি চলোৱা আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাই বাক্সাৰ ডিম্বেশ্বৰ মুছাহাৰীয়ে। অসম আৰক্ষীৰ এনে এনকাউণ্টাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ লগতে সৰব হৈ পৰিছে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা ।

লগতে পঢ়ক : Rowta Police Encounter update : ডকাইত কেনাৰাম বাচিল, আৰক্ষীৰ গুলীত প্ৰাণ গ’ল ডিম্বেশ্বৰ মুছাহাৰী

দেওবাৰে নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত হাতত প্লে কাৰ্ড লৈ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰত ঘুণীয়া হোৱা নগাঁৱৰ এইজন কীৰ্তিকমল বৰাই । বিগত বৰ্ষত আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বলি আজিও ঘুণীয়া প্ৰাক্তন ছাত্ৰ নেতাগৰাকী । ডিম্বেশ্বৰ মুছাহাৰীৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী কৰিছে কীৰ্তিকমল বৰাই ।

দেওবাৰে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে নগাঁৱৰ প্ৰতিবাদত বহা কীৰ্তিকমল বৰাৰ সৈতে প্ৰতিবাদত নামিল আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাও । প্ৰতিবাদত অংশগ্ৰহণ কৰি অগপৰ দিনত গুপ্তহত্যা আৰু বিজেপিৰ দিনত মুক্তহত্যা হোৱা বুলি মন্তব্য কৰে আপৰ নেতা বিৰিঞ্চি বৰাই ।

ডিম্বেশ্বৰ মুছাহাৰীৰ এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো তদন্তৰ আওতাত অনাৰ দাবী উত্থাপন কৰিছে বিৰিঞ্চি বৰাই । মুঠৰ ওপৰত আৰক্ষীৰ ভুৱা এনকাউণ্টাৰক লৈ সৰব হৈ পৰিছে দল সংগঠনৰ লগতে সচেতন লোক ।

লগতে পঢ়ক : Rowta Police Encounter update: আৰক্ষীৰ গুলীত নিহত কেনাৰাম নে ডিম্বেশ্বৰ; খান্দি উলিওৱা হ’ব মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.