নগাঁও, 28 ফেব্ৰুৱাৰী : দেওবাৰে নগাঁৱৰ হুজ ৰঙাগড়াত সংঘটিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । অঞ্চলটোত এগৰাকী কিশোৰীক অপহৰণ কৰি নাৰীদেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰীৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
উত্থাপিত অভিযোগ অনুসৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত হুজ ৰঙাগড়াৰ এগৰাকী ১৪ বছৰীয়া কন্যাক অপহৰণ কৰি নাৰীদেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰীৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল প্ৰতিবেশী এটা পৰিয়ালে । কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে, যোৱা ২৬ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা কিশোৰী গৰাকী প্ৰতিবেশী পৰিয়ালটোৰ ঘৰৰ বিচনাৰ তলত হাত-ভৰি বান্ধি বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় । কিশোৰী গৰাকীক উদ্ধাৰৰ পাচতে সেই স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত পৰিয়ালটো ।
কিশোৰী গৰাকীক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই চোকা অস্ত্ৰৰে ভয়-ভাবুকি প্ৰদান কৰি অপহৰণ আৰু দুষ্ট চক্ৰৰ হাতত বিক্ৰীৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি প্ৰতিবেশী পৰিয়ালটোৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক: মহাঁজোটৰ অংশীদাৰ হৈ কি ক'লে হাগ্ৰামাই ?