কলিয়াবৰ, 10 এপ্ৰিল: লক ডাউনৰ এই সময়ছোৱাত পুত্ৰৰ 'অইল পেষ্টেল', ৰং-পেঞ্চিলেৰে ছবি আঁকি সময় পাৰ কৰিছে কলিয়াবৰৰ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী কেশৱ পাচনীয়ে ৷ ৰাজ্যত কৰ'ণা ভাইৰাছ সংক্ৰমণ আৰু চিকিৎসাৰ বাবে দিন-ৰাতি একাকাৰ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢপলিয়াই ফূৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ প্ৰতিটো ক্ষণৰে খবৰ নখ দৰ্পনত ৰখা ৰাজ্যৰ চিকিৎসা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই সময়ছোৱাত যি পদক্ষেপ সেই পদক্ষেপৰ বাবে তেওঁক কৃতজ্ঞতা জনাবলৈ শিল্পী কেশৱ পাচনীয়ে পুত্ৰৰ ৰং পেঞ্চিলেৰে সাজি ওলিয়াইছে ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন প্ৰতিচ্ছবি ৷
উল্লেখ্য যে, যকৃতৰ জটিল ৰোগত আক্ৰান্ত শিল্পী কেশৱ পাচনী এতিয়া কলিকতাত । পোন্ধৰ মাৰ্চত যকৃত অস্ত্ৰোপচাৰৰ বাবে কলিকতালৈ যোৱাৰ কিছু দিন পাচতে সম্পূৰ্ণ দেশত লক ডাউন ঘোষণা কৰা হয় । এই সময়ত চিকিৎসাৰ বাবে যোৱা কেশৱ পাচনীৰ চিকিৎসাও বৰ্তমান স্তব্ধ। দেশৰ ভয়াৱহ পৰিস্থিতত বন্ধ হৈ আছে চিকিৎসালয়খনৰ বহিঃ বিভাগ। গতিকে, কেশৱ পাচনীৰ চিকিৎসাৰ কোনো ব্যৱস্থাই হোৱা নাই।
কলিকতাৰ চিকিৎসালয়খনৰ পৰা কিছু নিলগত এটি ঘৰ ভাড়া লৈ পত্নী আৰু পুত্ৰ সৈতে দিন পাৰ কৰিছে শিল্পীগৰাকীয়ে । চিকিৎসা আৰম্ভ নোহোৱাৰ ফলত বহু সমস্যাৰ সন্মুখীন হৈছে কেশৱ পাচনীৰ তিনিজনীয়া পৰিয়ালটো । আনহাতে কলিয়াবৰৰ কুঁৱৰীটোল পাচনী চুকত অকলশৰে আছে তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ । এই কঠিন সময়ত ওচৰ-চবুৰীয়াৰ ভৰষাতে জীৱন নিৰ্বাহ কৰিছে পিতৃ-মাতৃয়ে । তাৰ মাজতে পুত্ৰৰ 'অইল পেষ্টেল', ৰং-পেঞ্চিলেৰেই ছবি আঁকি সময় অতিবাহিত কৰিছে কেশৱ পাচনীয়ে। প্ৰতিক্ষণতে নিজ ঘৰখনৰ লগতে অসমৰ চিন্তাই চিন্তিত কৰি তোলে শিল্পীগৰাকীক ।