ETV Bharat / state

হকী একাডেমী স্থাপনৰ লক্ষ‍্য অসম হকী সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি কেশৱ মহন্তৰ

অসম হকী সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাচতেই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰথমটো প্ৰতিক্ৰিয়া (Keshab Mahanta New Chairman of Assam Hockey) ৷ তদানীন্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালতে নিৰ্মাণ কৰিবলৈ লোৱা অসম্পূৰ্ণ হকী ষ্টেডিয়ামখন সম্পূৰ্ণ কৰিব অসম হকী সন্থাৰ নৱ নিৰ্বাচিত সভাপতি কেশৱ মহন্তই ৷

Keshab Mahantas aim to set up a hockey academy in Assam
লক্ষ্য, অসমত এখন হকী একাডেমী স্থাপন কৰা : কেশৱ মহন্ত
author img

By

Published : Mar 13, 2022, 2:04 PM IST

কলিয়াবৰ, 13 মাৰ্চ : নগাঁও জিলাৰ আমনিৰ ৰাজ্যিক আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (SIRD) ত বিগত ১৩ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল অসম হকী সন্থাৰ বাৰ্ষিক অধিৱেশন । এই অধিৱেশনতে ভাৰতীয় হকী সন্থাৰ সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ সিং, অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস আৰু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ উপস্থিতিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক পুনৰ অসম হকী সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় (Keshab Mahanta New Chairman of Assam Hockey) ।

লক্ষ্য, অসমত এখন হকী একাডেমী স্থাপন কৰা : কেশৱ মহন্ত

এই সভাতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, তদানীন্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালতে নগাঁৱত এখন হকী ষ্টেডিয়াম নিৰ্মাণৰ যো-জা কৰা হৈছিল ৷ কিন্তু সেই হকী ষ্টেডিয়ামখন আজিও সম্পূৰ্ণ হৈ নুঠিল ৷ যাক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

অসম হকী সন্থাৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতেই আমনিত পৰিত্যক্ত‍ অৱস্থান পৰি ৰোৱা অৰ্ধনিৰ্মিত হকী ষ্টেডিয়ামখন পুনৰ নিৰ্মাণৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । যাক লৈ আশাবাদী এতিয়া নগাঁৱৰ খেলুৱৈসকল ৷

লগতে পঢ়ক : অগপক বৰপেটা পৌৰসভা গঠন কৰাৰ বাবে আহ্বান বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.