ETV Bharat / state

Student Power : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মুখত ছাত্ৰ আন্দোলনৰ গুণ-গান

author img

By

Published : Nov 18, 2021, 1:46 PM IST

অসমীয়া জাতিৰ স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ ভূমিকাক ভূয়সী প্ৰশংসা কেশৱ মহন্তৰ ৷ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত শ্বহীদ বেদী উন্মোচন কৰি ছাত্ৰ আন্দোলনক প্ৰশংসা কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

keshab-mahanta-visited-anandaram-dhekial-phukan-college
কেশৱ মহন্তই উন্মোচন কৰে শ্বহীদ বেদী ৷

নগাঁও, 18 নৱেম্বৰ : "অসমৰ ছাত্ৰ শক্তিয়ে সদায় অসমৰ সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা কৰি আহিছে ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় চিন্তা, জাতিক সুৰক্ষিত কৰা, জাতিক ৰক্ষা কৱচ দিবলৈ যুঁজ কৰা পূৰ্বৰে পৰাই আৰম্ভ হৈছিল ৷ এই যুঁজ ছাত্ৰ-ছাত্ৰী সকলে এতিয়াও অব্যাহত ৰাখিছে ৷ আমাৰ ছাত্ৰ-ছাত্ৰী সকলে সদায় যাতে ৰাজপথলৈ যাব লগা নহয় তাৰ বাবে আমি সকলোৱে পদক্ষেপ ল’ব লাগিব ৷ এই যুঁজ সদায় চলি আছে আৰু চলি থাকিব ৷’’ নগাঁৱৰ ঐতিহ্য মণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত শ্বহীদ বেদী উন্মোচন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

keshab-mahanta-visited-anandaram-dhekial-phukan-college
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত মন্ত্ৰী কেশৱ মহন্ত

ছাত্ৰ সমাজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘‘এই যুঁজ আমি লিখনি, কৰ্তব্য আৰু সমাজৰ প্ৰতি দায়ৱদ্ধতাৰে কৰিব লাগিব ৷ ৰাজনৈতিক মঞ্চত আমাৰ বিৰুদ্ধে যোৱা বিষয় সম্পৰ্কত আমি ৰাজপথলৈ গৈ গৰজি উঠিব লাগিব ৷ আমাৰ সমাজখনক সমানে চহকী কৰিবলৈ প্ৰত্যাহ্বান নেওচি আগুৱাই যাব লাগিব ৷ সামাজিক দায়বদ্ধতাৰে ছাত্ৰ-ছাত্ৰী সকল আগুৱাই নগ’লে সমাজখন পিছুৱাই যাব" ৷

বুধবাৰৰ উন্মোচনী অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ সুৰজিৎ কুমাৰ ভাগৱতী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চেনিৰাম বৈদ্য, উপাধ্যক্ষ জয় কুমাৰ সিঙ, মৃদুল হাজৰিকা, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদককে ধৰি ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকা সকল উপস্থিত থাকে ৷

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, "অসম আন্দোলনৰ শ্বহীদ সকলৰ ত্যাগৰ বিনিময়ত অসম চুক্তি ৰূপায়ন হৈছিল ৷ অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজখন আজিও চলি আছে ৷ অসম চুক্তি ৰূপায়ন কৰিবৰ বাবে আমি ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছো ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই কামকাজ খিনি সঠিক ভাৱে আগুৱাই নিছে ৷ এই ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাকো একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনাইছোঁ" ৷

ক’ভিড সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় বিগত দুটা বছৰে ক'ভিড সংক্ৰমণৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছিল ৷ এতিয়া পৰিবেশ কিছু উন্নত হৈছে ৷ অনলাইন পাঠদান চলি আছিল যদিও গ্ৰাম্য অঞ্চলত ইয়াৰ প্ৰভাৱ কম আছিল ৷ এতিয়া আমি স্বাভাৱিক জীৱন যাত্ৰা আৰু উন্নয়ন অব্যাহত ৰখাৰ প্ৰয়াস কৰিছোঁ ৷ য’ত য’ত ক’ভিডৰ সংক্ৰমণ হৈছে সেইবোৰ এলেকাত স্বাস্থ্য বিধি অনুসৰি ক’ভিডক ৰোধ কৰাৰ প্ৰয়াস চলাই থকা হৈছে ৷ 18 বছৰৰ তলৰ লোক সকলৰ কভিড ভেকছিনৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰ তথা বিশেষজ্ঞ সকলৰ বিবেচনধীন হৈ আছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷

লগতে চাওক : সন্দেহজনক পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ প্ৰমাণপত্ৰ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.