ETV Bharat / state

পুনৰ অগপৰ বিজয় ধ্বজ্জা উৰিল কলিয়াবৰত

পুনৰ অসম গণ পৰিষদৰ দখললৈ কলিয়াবৰ সমষ্টি । অভিলেখ সৃষ্টি কৰি চতুৰ্থবাৰৰ বাবে বিজয় ধ্বজা উৰুৱালে কেশৱ মহন্তই । জয়ী হোৱাৰ পিছতে কেশৱ মহন্তক আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰিলে ৰিটাৰ্নিং বিষয়া পবিত্ৰ কুমাৰ দাসে ।

author img

By

Published : May 3, 2021, 11:32 AM IST

Keshab Mahanta won
কলিয়াবৰত চতুৰ্থবাৰৰ বাবে বিজয় ধ্বজা উৰুৱালে কেশৱ মহন্তই

কলিয়াবৰ, ৩ মে': নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিত চতুৰ্থবাৰৰ বাবে ভাগ্য উদয় হ'ল অসম গণ পৰিষদৰ কেশৱ মহন্তৰ । দেওবাৰে ফলাফল ঘোষণাৰ পিছতে ৰিটাৰ্নিং বিষয়া পবিত্ৰ কুমাৰ দাসে কেশৱ মহন্তক আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে । ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত নিকটতম কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থী প্ৰশান্ত শইকীয়াক কেশৱ মহন্তই ২৮৭২০টা ভোটৰ ব‍্যৱধানত পৰাস্ত কৰে ।

নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰশান্ত শইকীয়াই কলিয়াবৰত কেশৱ মহন্তৰ নিৰ্বাচনী অংক আউল লগোৱাৰ দৰে এক ছবি পৰিলক্ষিত হৈছিল যদিও নিৰ্বাচনী ফলাফলে সম্পূৰ্ণ বিপৰীত ছবিহে দাঙি ধৰে । পূৰ্বৰ তুলনাত ভোটৰ ব‍্যৱধান হ্ৰাস হ'লেও ৭৩৬৭৭টা ভোট লাভ কৰি ২৮৭২০টা ভোটৰ এক সন্তোষজনক ব‍্যৱধানেৰে বিজয়ী হয় বৰ্তমানৰ কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ।

কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৪৪৯৫৭টা ভোট । আনহাতে, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী মুকুল বৰুৱাই কলিয়াবৰৰ নিৰ্বাচনী যুঁজখনত অলপো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ল । কেৱল ২৬২৭টা ভোট লাভ কৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে । নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা ভাস্কৰ শৰ্মাই লাভ কৰে ১৬৭৬ টা ভোট ।

তদুপৰি ন'টাত দিয়া ভোটৰ সংখ্যা ১৮০৯টা । ফলাফল ঘোষণাৰ পিছতে কেশৱ মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এবাৰ সাংসদ আৰু একেৰাহে চতুৰ্থটো কাৰ্য‍কালৰ বাবে কলিয়াবৰৰ বিধায়ক হিচাপে ৰাইজে নিৰ্বাচিত কৰাৰ বাবে তেওঁ কলিবৰবাসীক কৃতজ্ঞতা জনায় । অনাগত সময়ছোৱাত কলিয়াবৰবাসীৰ সুখ-দুখৰ সমভাগী হৈ একেটা পৰিয়ালৰ দৰে ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ লগতে কলিয়বৰৰ নৱ-প্ৰজন্মৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

কলিয়াবৰত ক্ৰমাগতভাৱে চতুৰ্থবাৰৰ বাবে কেশৱ মহন্তৰ বিজয়ে অগপ দলৰ নেতা-কৰ্মী তথা শুভাকাংক্ষীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে যদিও বৰ্তমানৰ ক'ভিডৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনাৰ বাবে সমৰ্থকসকলে বিজয় শোভাযাত্ৰা উলিওৱাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক:পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.