কলিয়াবৰ,15অক্টোবৰঃ কলিয়াবৰত বৃহস্পতিবাৰে ৪৫০ গৰাকী ভূমিহীন ব্যক্তিক ভূমি পট্টা বিতৰণ কৰে ৰাজ্য চৰকাৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই । কলিয়াবৰৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত বিতৰণ কৰা হয় এই ভূমি পট্টা সমূহ ৷
উল্লেখযোগ্য যে, শালনাৰ কালাপানী, কেলিডেন চাহ বাগিছা আৰু আমগুৰি অঞ্চলতো ভূমি পট্টা বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে ভূমি পট্টা বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ আৰু ৰাজহ চক্ৰ বিষয়া অন্তৰা সেন ।
লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীক কেবিনেটৰ অতিৰিক্ত দায়িত্ব অৰ্পণ