বঢ়মপুৰ,10 মাৰ্চ: বুধবাৰে নগাঁও জিলাৰ কঠিয়াতলীৰ ৰেংবেঙত কঠিয়াতলী আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে তালাচী চলাই 17 লাখ টকা জব্দ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি ধৰ্মেন্দ্ৰ গুপ্তা নামৰ এজন ব্যক্তিৰ পৰা 16 লাখ আৰু মালতী খেম্প্ৰাই নামৰ এগৰাকী মহিলাৰ পৰা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে 1 লাখ টকা জব্দ কৰে ৷
ডিমাপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত ধনখিনি জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰত্যেক দিনেই এনেদৰে ধন জব্দ হোৱাৰ ঘটনা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিততে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে ধন জব্দ হোৱাৰ ঘটনা সংঘটিত হৈছে ৷
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত জব্দ লক্ষাধিক টকা