বঢ়মপুৰ, 26 অক্টোবৰঃ নগাঁও জিলাৰ কামপুৰস্থিত এফ আৰ ইউত নাই পৰ্যাপ্ত চিকিৎসক, নাই বিশেষজ্ঞ ৷ যাৰ ফলত এতিয়া সঘনাই ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বৃহত্তৰ কামপুৰ অঞ্চলকে ধৰি ৰজাগাওঁ, শিঙিমাৰী, কচুৱা আদি কৰি প্ৰায় ত্ৰিশ খনৰো অধিক গাঁৱৰ ৰোগী সকলে ভিৰ কৰে এই চিকিৎসালয় খনত ৷ প্ৰতিদিনে ডেৰশৰ পৰা দুশ ৰোগী বহিঃ বিভাগত চিকিৎসাধীন হয় যদিও চিকিৎসালয় খনৰ তত্বাৱধানত থকা পৰশ মনি গোস্বামী সহ কেৱল তিনিজন চিকিৎসকে চিকিৎসা প্ৰদান কৰিব লগা হয় এই ৰোগী সকলক ৷ বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে বহু ৰোগী পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হয় ৷ ফলত চিকিৎসকৰ অভাৱত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিব লগা হয় ৰোগীক । যাৰ বাবে ৰোগীৰ লগতে আত্মীয়ই সঘনে অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয় ৷
উল্লেখ্য যে, এই বিষয়ে বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰা হৈছে যদিও আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনহাতে বিভিন্ন সময়ত বিভিন্ন কাৰণত ৰোগীৰ আত্মীয়ৰ ৰোষত পৰা বুলি ৰূপজ্যোতি হাজৰিকা নামৰ চিকিৎসক জনৰে বহু অভিযোগ কৰিছে যদিও এই পৰ্যন্ত কেনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই ৷ সেয়েহে অতি শীঘ্ৰে এই সমূহ বিবাদ নিস্পত্তি কৰি চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসকৰ ব্যৱস্থা কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনায় এফ আৰ ইউ খনৰ তত্বাৱধায়ক পৰশ মনি গোস্বামীৰ লগতে স্থানীয় লোকে ৷