ETV Bharat / state

চাংচকীত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ - পথৰ জৰাজীৰ্ণ অৱস্থা

নগাঁৱৰ কামপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ৫ কোটি ১৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথৰ জৰাজীৰ্ণ অৱস্থা । শ্যাম কনষ্ট্ৰাকচনৰ ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ।

কামপুৰৰ চাংচকীত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 13, 2021, 9:32 PM IST

বঢ়মপুৰ,১৩ এপ্ৰিল: প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণ কৰাৰ নামত ভেকো-ভাওনা একাংশ ঠিকাদাৰ তথা বিভাগীয় বিষয়াৰ । নগাঁৱৰ কামপুৰৰ চাংচকীত ঠিকাদাৰৰ কামৰ নমুনা দাঙি ধৰিলে এটা পথে । ৫ কোটি ১৩ লাখ টকা ব্যয় সাপেক্ষে চাংচকীৰ পৰা গৰুবাট কুঁহিমাৰী হৈ ধেপাকুছিলৈ নিৰ্মাণ কৰা প্ৰায় ৮ কিল’মিটাৰ দৈৰ্ঘৰ এই পথটোৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ।

ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে এই পথটোৰ আধাৰশিলা স্থাপন কৰিছিল । ২০১৯ চনত ৭ ছেপ্তেম্বৰতে পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'বলগীয়া আছিল ৷ চি চি ব্লকেৰে নিৰ্মাণ কৰা এই পথটো দুবাৰকৈ নিৰ্মাণ কৰা হৈছে । কিন্তু নিম্নমানৰ কামৰ বাবে বাৰে-বাৰে পথটোৱে বিধ্বস্ত ৰূপ লয় । গছপাতৰ ওপৰতে চি চি ব্লক বহাই দায়িত্ব সামৰিছে ঠিকাদাৰে ।

কামপুৰৰ চাংচকীত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

শ্যাম কনষ্ট্ৰাকচনৰ ঠিকাদাৰ প্ৰাণকৃষ্ণ দত্তই মইমতালিৰে পথটো নিৰ্মাণ কৰা বাবেই পথটোৰ এনে দুৰৱস্থা হোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে ৷ আনহাতে,পথটোৰ নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা গড়কাপ্তানী বিভাগৰ কামপুৰ উত্তৰ-পূৱ পৰিষদৰ কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়াৰ ঠিকাদাৰৰ কাম নিৰীক্ষণ কৰিবলৈ আহৰি নাই ৷

ইফালে, অঞ্চলটোত নিৰ্মাণ কৰা দলংবোৰো বাৰিষা বানে বুৰাই পেলাব বুলি আশংকা ব্যক্ত কৰিছে ৰাইজে । উপায়হীন হৈ ঠিকাদাৰৰ কামৰ বিৰুদ্ধে ৰাইজে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক: কলিয়াবৰত মাছ ধৰা পৰ্বক লৈ পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.