বঢ়মপুৰ, 5 নৱেম্বৰ: কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কামপুৰ জিতগাঁও প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তেজনাৰ ৷ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত হোৱা বিসংগতিক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ হিচাপতকৈ বহু পৰিমানে চাউল কমকৈ দিয়াৰ লগতে অভিভাকক দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক জয়নাল আবেদিনৰ বিৰুদ্ধে ৷ ইফালে একাংশ দালালক লগত লৈ প্ৰধান শিক্ষকজনে চাউল আৰু টকা বিতৰণ কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷
জানিব পৰা মতে চেপ্তেম্বৰ মাহত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৭ কুইন্টল আৰু অক্টোবৰ মাহত ২১ কুইন্টল ৫২ কেজি চাউল আবন্টন হয় ৷ কিন্তু প্ৰধান শিক্ষকজনে চেপ্তেম্বৰ মাহত ৪ কুইন্টল আৰু অক্টোবৰ মাহত ৭ কুইন্টল চাউলহে ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰি বাকী চাউল সমূহ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে ৷ শীঘ্ৰে এই দূৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে অভিভাৱক সকলে ৷
লগতে পঢ়ক: তেজপুৰত সুধাকণ্ঠক স্মৰণ বিভিন্ন সংগঠনৰ