ETV Bharat / state

বানে ধোৱা কামপুৰৰ বিধ্বস্ত ৰূপ

author img

By

Published : Aug 27, 2022, 6:44 PM IST

দুটাকৈ বানে ধোৱা কামপুৰত বানাক্ৰান্তৰ হাহাকাৰ । চকুলো টুকি দিন কটাইছে বানাক্ৰান্ত ৰাইজে (Flood victims of Kampur)। বানে ভাঙি নিয়া সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ হাতত নাই ধন । চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত বন্যাৰ্ত ।

Flood affects Assam
বানে ধোৱা কামপুৰৰ বিধ্বস্ত ৰূপ

বঢ়মপুৰ,২৭ আগষ্ট : শেহতীয়াকৈ দুটা বানে অসমত ধ্বংসলীলা চলাই থৈ গ'ল (Flood affects Assam)। সম্প্ৰতি ৰাজ্যত বানৰ সংহাৰ নাই যদিও এতিয়াও বহু স্থানত বানাগ্ৰস্ত ৰাইজৰ পুনৰ সংস্থাপন হোৱা নাই (Rehabilitation of flood victims)। বানৰ পিছৰ পৰিৱেশ দেখি চকুলো টুকিছে কামপুৰৰ ৰাইজে । ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বগলাজান পঞ্চায়তৰ কুৱৰীআটি গাঁৱৰ ৯ নং ৱাৰ্ডৰ লোকসকলৰ বাসগৃহৰ দৃশ্য দেখিলে আপোনাৰো বুকু কপি উঠিব (Flood affects Kampur)।

বানে ধোৱা কামপুৰৰ বিধ্বস্ত ৰূপ

একাংশ লোকে এতিয়াও নিজৰ আপোন ঘৰখনত প্ৰৱেশ কৰিব পৰা নাই । কিয়নো বছৰৰ দ্বিতীয়টো বানে ইতিমধ্যে হেঁপাহৰ ঘৰখন নিঃশেষ কৰি থৈ গৈছে । পুনৰ সপোনৰ ঘৰখন কেনেদৰে নিৰ্মাণ কৰিব সেই কথা চিন্তা কৰি মূৰে কপালে হাত দিছে বন্যাৰ্তই ।

ইফালে চৰকাৰে ঘোষণা কৰা মতে বানত গৃহহাৰা লোকসকলক প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য । এই ঘোষণাৰ লগে লগে দুখৰ মাজতো কিছু আশাৰ ৰেঙনি দেখিছিল বানাগ্ৰস্ত ৰাইজে । কিন্তু বাস্তৱত চৰকাৰৰ ঘোষণা ফুটুকাৰ ফেনত হে পৰিণত হোৱা দেখা গৈছে ।

অভিযোগ অনুসৰি বগলাজান পঞ্চায়তৰ কুৱৰীআটি গাঁৱৰ কোনো এটা বানাক্ৰান্ত পৰিয়ালেও পোৱা নাই সেই চৰকাৰী আঁচনিৰ ধন । সঠিকভাৱে জৰীপ হোৱাৰ পাছতো চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈছে বানাক্ৰান্ত লোকসকল (Anger of flood victims)। কিন্তু কাৰ ভুলৰ বাবে কুৱৰীআটিৰ লোকসকল আৰ্থিক সাহায্যৰ পৰা বঞ্চিত হ'ব লগা হ'ল, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অনুসন্ধান কৰি বানপীড়িতক সকাহ দিবলৈ ৰাইজে আহ্বান জনাইছে । সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বঞ্চিত বানাক্ৰান্তই ।

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী ৰ’পেক্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.