ETV Bharat / state

কপিলীৰ বানত দিশহাৰা সাধাৰণ ৰাইজ, পশুধনৰ বিলৈ

কামপুৰৰ কপিলী নদীৰ ভয়াৱহ ৰূপ ৷ বকুলগুৰি-নলাপাৰাৰ মথাউৰিৰ ওপৰৰে পানী বাগৰি ন ন অঞ্চল প্লাৱিত(Kampur effected by Kapili river floods) ৷

author img

By

Published : May 15, 2022, 2:14 PM IST

Updated : May 16, 2022, 9:25 AM IST

kampur-effected-by-kapili-river-floods
কপিলীৰ বানত দিশহাৰা সাধাৰণ ৰাইজ

বঢ়মপুৰ, 15 মে’: অপৰিৱৰ্তিত হৈ ৰৈছে কামপুৰৰ বান পৰিস্থিতি ৷ ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে কপিলীৰ বান ৷ নেৰানেপেৰা বৰষুণৰ ফলত কামপুৰত কপিলীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ দেওবাৰে পুৱাৰ ভাগলৈকে কপিলীৰ বানে প্ৰভাৱিত কৰিছে কামপুৰৰ ন ন অঞ্চল(Kampur effected by Kapili river floods) ৷

বৃহত্তৰ অঞ্চলটোত থকা বকুলগুৰি-নলাপাৰা সংযোগী মথাউৰিৰ ওপৰৰে পানী বাগৰি প্লাৱিত হৈছে বহু অঞ্চল ৷ কামপুৰ-বকুলগুৰি-কাৰ্বি আংলং সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰতে বৰ্তমান দেখা গৈছে একঁকাল পৰ্যন্ত পানী ৷ যাৰবাবে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত ৷

কপিলীৰ বানত দিশহাৰা সাধাৰণ ৰাইজ

বছৰৰ প্ৰথমটো বানৰ ফলতে বকুলগুৰি, নলাপাৰ, চিমলাইৰ লগতে হোজাইৰ দাঁতি কাষৰীয়া ঠেপেলাগুৰি, কেন্দুগুৰি, লংকাৰ ঠাইচুবালী, কপিলীপাৰকে ধৰি কেইবাখনো গাঁও প্লাৱিত হৈছে ৷ সাধাৰণ লোকসকলে নিজৰ যাৱতীয় বয়-বস্তু আৰু পশুধন সহ নিৰাপদ আশ্ৰয়স্থলী বিচাৰি ধাৱমান হৈছে ৷

লগতে চাওক: Flood in assam 2022 : বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী-বৰপানীৰ জলপৃষ্ঠ

Last Updated : May 16, 2022, 9:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.