কি ক’লে নতুন ভোটাৰে চাওক ...
কলিয়াবৰত লোকসভা নিৰ্বাচনৰ বাবে উৎফুল্লিত যুৱপ্ৰজন্ম - লোকসভা নিৰ্বাচন
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কলিয়াবৰবাসী উৎফুল্লিত । কাৰণ এইবাৰ নিৰ্বাচনত কলিয়াবৰবাসীয়ে পাইছে দুজনকৈ যুৱ প্ৰতিনিধি । কলিয়াবৰত গৌৰৱ গগৈ আৰু মণিমাধৱ মহন্তই প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই যুৱ-প্ৰজন্মসকল অধিক উৎফুল্লিত, আকৰ্ষিত তথা আগ্ৰহী হোৱা পৰালক্ষিত হৈছে । শনিবাৰে ই.টি.ভি. ভাৰতৰ সাংবাদিকৰ আগত যুৱ-প্ৰজন্মই আগন্তুক নিৰ্বাচনত প্ৰতিনিধি দুজনক লৈ অধিক আশাবাদী হোৱাৰ কথা উল্লেখ কৰিলে ।
কলিয়াবৰত লোকসভা নিৰ্বাচনৰ বাবে উৎল্লুলিত যুৱপ্ৰজন্ম
কি ক’লে নতুন ভোটাৰে চাওক ...
Intro:১১ নং কলিয়াবৰ লোকসভা সমষ্টি
দুই যুৱ-প্ৰজন্মৰ প্ৰতিনিধি গৌৰৱ গগৈ আৰু মণিমাধৱ মহন্তৰ মাজত হ'ব মূল আকৰ্ষণীয় যুঁজ
উৎফুল্লিত কলিয়বৰৰ নৱ-প্ৰজন্ম, ন-ভোটাৰ
৮৯ নং কলিয়াবৰৰ বিধান সভা সমষ্টিৰ নৱ-প্ৰজন্ম ভোটাৰৰ মনৰ খবৰBody:দেশত এইবেলি সংসদীয় নিৰ্বাচনত দহ কোটি ন-ভোটাৰে ভোট দিব বুলি ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইতিমধ্যে নিৰ্বাচন আয়োগেও নৱ-প্ৰজন্মৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন সজাগতা অভিযান আৰম্ভ কৰিছে। কলিয়াবৰ লোকসভা সমষ্টিৰ ৮৯ নং কলিয়াবৰ বিধান সভা সমষ্টিৰ নৱ-প্ৰজন্মৰ ভোটাৰসকল উৎফুল্লিত, আকৰ্ষিত আৰু আগ্ৰহী হোৱা পৰালক্ষিত হৈছে। এই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'ল দুজনকৈ যুৱ প্ৰতিনিধি নিৰ্বচনী যুঁজত অৱতীৰ্ণ হৈছে কলিয়াবৰ লোকসভা নিৰ্বাচনত। এজন হ'ল বৰ্তমানৰ কলিয়াবৰৰ সাংসদ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ টিকেট লাভ কৰি শুক্ৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰা গৌৰৱ গগৈ আৰু আনজন সদ্য আছু ত্যাগী ছাত্ৰ নেতা তথা প্ৰাক্তন উপ-সভাপতি মণিমাধৱ মহন্ত, যিগৰাকী অগপ দলৰ হৈ প্ৰতিনিধিত্ব কৰিব। কলিয়াবৰৰ বৰ্তমান সাংসদগৰাকীয়ে ইতিমধ্যে সংসদত নিজৰ সক্ৰিয়তা প্ৰদৰ্শনেৰে চলিত ষষ্ঠদশ লোকসভাত শ্ৰেষ্ঠ সাংসদৰ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে। আনহাতে ৮৯ নং বিধান সভা সমষ্টিৰ স্থানীয় নিবাসী তথা যোৱা ২০ মাৰ্চত অগপ দল যোগদান কৰা মণিমাধৱ মহন্ত ১৯ বছৰৰ আছুৰ মঞ্চৰ পৰা ছাত্ৰ ৰাজনীতিৰ লগত জড়িত। সেই সূত্ৰে ইতিমধ্যে নিজ দক্ষতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পদো লাভ কৰিছিল। ছাত্ৰ-ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয় মণিমাধৱ মহন্ত এইবাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ভাজপা-অগপ আৰু বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী। সেই সূত্ৰে নিৰ্বাচনী যুঁজখন কলিয়াবৰত যথেষ্ট আকৰ্ষণীয় হ'ব। দুয়ো যুৱ-প্ৰজন্ম প্ৰাৰ্থীয়ে ন-ভোটাৰ আৰু যুৱ-প্ৰজন্মৰ ভোটাৰসকলক আকৰ্ষিত কৰাতো নিশ্চিত হৈ পৰিছে।Conclusion:তেনে কিছু ভোটাৰৰ মন্তব্য – Bites