ETV Bharat / state

অশ্লীল ভিডিঅ’ নোচোৱাৰ বাবে হত্যা কিশোৰীক

author img

By

Published : Oct 20, 2021, 10:04 PM IST

কোন দিশে ধাৱমান আমাৰ পৰৱৰ্তী প্ৰজন্ম ? অত্যাধিক ম’বাইলৰ ব্যৱহাৰে কেনেধৰে প্ৰভাৱ পেলাব পাৰে শিশু তথা কিশোৰ-কিশোৰীৰ মনত ? কেৱল অশ্লীল ভিডিঅ’ চাবলৈ অমান্তি হোৱাৰ বাবে নিৰ্মমভাৱে হত্যা কিশোৰীক ৷ অভিযুক্ত কোনো জনা-বুজা ব্যক্তি নহয় 5ৰ পৰা 11 বছৰীয়া তিনি কিশোৰ ৷

A_KLBR_Oct_20_02_Brutal_Killing_at_Kaliabor_Vis_Bite_ASC10014
অশ্লীল ভিডিঅ’ নোচোৱাৰ বাবে হত্যা কিশোৰীক

কলিয়াবৰ, 20 অক্টোবৰ : এটা লোমহৰ্ষক হত্যাকাণ্ড ৷ হত্যাকাণ্ডৰে জড়িত তিনিটি কমবয়সীয়া কিশোৰ ৷ কেৱল অশ্লীল ভিডিঅ’ চাবলৈ অমান্তি হোৱাৰ বাবেই এগৰাকী কিশোৰীক এই তিনি কিশোৰে নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈছিল এটি শিলভঙা উদ্যোগৰ শৌচাগাৰত ৷

এই জঘণ্য ঘটনা সংঘটিত হৈছে কলিয়াবৰত ৷ তিনি কিশোৰে দীৰ্ঘদিনৰে পৰা ম’বাইলত অশ্লীল ভিডিঅ’ চাই আহিছিল ৷ কাতি বিহুৰ দিনা তিনিও কিশোৰীগৰাকীক ভিডিঅ’ চাবলৈ জোৰ কৰে ৷ কিন্তু কিশোৰী গৰাকীয়ে ভিডিঅ’ চাবলৈ অমান্তি হয় ৷ যাৰ বাবে তিনি কিশোৰে মিলি 6 বছৰীয়া কিশোৰীগৰাকীক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে নগাঁও আৰক্ষীৰ তদন্তত ৷

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰাত কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে অভিযুক্ত তিনিও কিশোৰক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ অভিযুক্ত কিশোৰ কেইজনৰ বয়স 5ৰ পৰা 11 বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত অভিযুক্ত এজন কিশোৰৰ পিতৃকো গ্ৰেপ্তাৰ কৰা বুলি জনায় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ হত্যাকাণ্ড সন্দৰ্ভত অৱগত হৈয়ো লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল অভিযুক্তৰ পিতৃয়ে ৷ ইয়াৰ উপৰিও তিনিও কিশোৰে পৰ্ণ ভিডিঅ’ চোৱা ম’বাইল ফোনটো জব্দ কৰাৰ কথাও জানিবলৈ দিয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ সম্প্ৰতি তিনিও কিশোৰকে পুনৰ সংস্থাপন ন্যায়ালয়ৰ বিশেষ তদাৰক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : উন্নয়ন মূলক কামৰ বাবে বিজেপিৰ প্ৰতি আস্থা বাঢ়িছে ৰাইজৰ : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.