ETV Bharat / state

দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ ছাত্ৰী

author img

By

Published : Aug 11, 2020, 3:12 PM IST

অসমৰ চৰকাৰৰ দ্বাৰা অনুষ্ঠিত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত কলিয়াবৰৰ উদীয়মান গায়িকা দিশা মুখাৰ্জীৰ সফলতা ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা স্বাধীনতা দিৱস উপলক্ষে অসম ভিত্তিত অনলাইন দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতাত শীৰ্ষ দহগৰাকীৰ মাজত স্থান লাভ কৰিছে দিশা মুখাৰ্জীয়ে।

kalibar-student-success-on-patriotic-song-competition
দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ ছাত্ৰী

কলিয়াবৰ,11 আগষ্টঃ অসমৰ চৰকাৰৰ দ্বাৰা অনুষ্ঠিত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত কলিয়াবৰৰ ছাত্ৰীৰ সফলতা ৷ অসম চৰকাৰৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত বাজিব কলিয়াবৰৰ উদীয়মান কন্ঠশিল্পী দিশা মুখাৰ্জীৰ গীত ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা স্বাধীনতা দিৱস উপলক্ষে অসম ভিত্তিত অনলাইন দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতাত শীৰ্ষ দহগৰাকীৰ মাজত স্থান লাভ কৰিছে দিশা মুখাৰ্জীয়ে। কলিয়াবৰ মহকুমাৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিশাই নিজৰ প্ৰতিভাৰ জৰিয়তে আঁজুৰি আনিছে এই সফলতা । জখলাবন্ধাৰ নিবাসী অনুপ মুখাৰ্জী আৰু মহিমা মুখাৰ্জীৰ কন্যা দিশাই ইতিমধ্যে সংগীত চৰ্চাৰে কলিয়াবৰৰ স্থানীয় সংগীত প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

দিশাৰ সাংগীতিক উত্তৰণৰ ক্ষেত্ৰত সহায় কৰা উদীয়মান প্ৰতিভাৱান সংগীত কুশলী পঞ্চম ভৌমিক আৰু প্ৰশান্ত ভৌমিকৰ পৰিয়ালৰ অৱদান উল্লেখনীয় । অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে দিশাৰ এই সফলতাৰ বিষয়ে অৱগত কৰাৰ লগতে অসমৰ মুঠ দহগৰাকী স্থান প্ৰাপকে সন্মিলিতভাৱে এটি গীত অনলাইন যোগে বাণীবদ্ধ কৰিব বুলি জনাইছে । বাণীবদ্ধ গীতটি সমাগত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত আনুষ্ঠানিকভাৱে বজোৱা হ'ব, য'ত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কৰ'ণাৰ এই জটিল সময়ৰ প্ৰতি লক্ষ্য ৰাখি স্থান লাভ কৰা প্ৰতিযোগীসকলক পৰৱৰ্তী সময়ত চৰকাৰীভাৱে সন্মান জনোৱা হ'ব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । দিশাৰ এই সফলতাত দিশাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা কলিয়াবৰীয়া সংগীতপ্ৰেমী ৰাইজে অভিনন্দন জনাইছে ‌।

লগতে পঢ়কঃনাগ্ৰীজুলিৰ চাহ বাগিচাত আদিবাসী চানতালী গীতৰ শ্বুটিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.