কলিয়াবৰ,১৫ জুন: শিলঘাট নাম হয়টো আপোনাৰ বহুতৰে চিনাকি । তাহানিৰ আহোম যুগৰ পৰা ইংৰাজৰ শাসনলৈ সকলো সময়ৰে ইতিহাস সমৃদ্ধ এই নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট । এই শিলঘাটতে আছে ইংৰাজে স্থাপন কৰা আৰক্ষী চকী খন । এইখনেই সেই ঐতিহাসিক শিলঘাট আৰক্ষী চকী । কিন্তু প্ৰায় ৯০ বছৰীয়া এই আৰক্ষী চকী জৰ্জৰিত বিভিন্ন সমস্যাৰে । আটাইতকৈ লক্ষণীয় যে আৰক্ষী চকীৰ নাই স্থায়ী ঘৰ । বহু বছৰ ধৰি ভাড়াঘৰতে চলিছিল এই শিলঘাট আৰক্ষী চকী । কিন্তু পিছত ঘৰৰ ভাড়া দিব নোৱাৰাত এতিয়া ধৰমশালাতে চলি আছে আৰক্ষী চকীৰ কাম কাজ ।
কোনো অস্ত্ৰ-শস্ত্ৰ আৰু যানবাহনৰ ব্যৱস্থা নাই আৰক্ষী চকীত । ধৰমশালাৰ এই ঘৰটোও প্ৰায় জহি খহি গৈছে । এজন আৰক্ষী উপ-পৰিদৰ্শক, দুজন কনিষ্টবল আৰু দুজন হোমগাৰ্ডে চলাবলগীয়া হয় এই আৰক্ষী চকীখন । কিন্তু ইয়াৰ অধীনত আছে এটা বৃহৎ অঞ্চল । কলিয়াবৰ আৰু সোণাৰীকে ধৰি দুখনকৈ বৃহৎ চাহ বাগিচা আৰু প্ৰায় ১৮ খন বৃহৎ গাঁৱৰ শান্তি-শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰি অহা এই আৰক্ষী চকীৰ এলেকাৰ অন্তৰ্ভুক্ত অসম সমবায় মৰাপাট কলটো ৷ ইয়াৰ পিছতো বছৰ বছৰ ধৰি এনে দুৰৱস্থাৰ মাজতে আছে আৰক্ষী চকীখন । যাৰ বাবে স্থানীয় লোকসকলেও অতি শীঘ্ৰে আৰক্ষী চকী খন থানালৈ উন্নিতকৰণৰ দাবী জনাইছে ।
কেইবাখনো চৰকাৰ আহিল কিন্তু কোনো এখন চৰকাৰেও গুৰুত্ব নিদিলে এই আৰক্ষী চকীখনক । ২০০৩ চনত পঞ্চায়তৰ অধীনত ভূমি নিৰ্ধাৰণ কৰি আৰক্ষী চকীখন স্থানান্তৰ কৰাৰ বাবেও প্ৰস্তাৱ দিয়া হৈছিল যদিও ফাইলৰ মাজতে আবদ্ধ থাকিল সেই প্ৰস্তাৱ । মুঠতে শিলঘাট অঞ্চলৰ ৰাইজ এতিয়া শংকিত । স্থায়ী ঘৰ নোহোৱাৰ লগতে আৰক্ষী সীমিত সংখ্যাই কেনেদৰে অপৰাধীৰ হাতৰ পৰা ৰক্ষা কৰিব শিলঘাটবাসীক ? আৰক্ষীৰ আধুনিকীকৰণৰ নামত অহা আঁচনিৰ ধনবোৰ ক'ত গ'ল ? কাৰ অৱহেলাৰ বাবে আজিও ইতিহাস সমৃদ্ধ শিলঘাট আৰক্ষী চকীখন এনে অৱস্থাত আছে ? আদি বিভিন্ন প্ৰশ্ন ৰাইজৰ ।
লগতে পঢ়ক:GMC ৰ টোঘলকী কাণ্ড: অসন্তুষ্ট মহানগৰবাসী