ETV Bharat / state

সন্ধানহীন কেৰালাত কৰ্মৰত কলিয়াবৰৰ মন্টু বৰা - Kaliabor Montu Borah missing

১৫ নৱেম্বৰৰ পিছৰ পৰা সন্ধানহীন হৈ আছে কেৰালাত কৰ্মৰত কলিয়াবৰৰ মন্টু বৰা ৷ পৰিয়ালৰ লোকে উলুৱনী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই মন্টু বৰাৰ ৷ যদি কোনো সদাশই লোকে মন্টু বৰাৰ সম্ভেদ পাই তেন্তে ৮৬৩৮৯২৮৬১০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই ৷

সন্ধানহীন কেৰেলাত কৰ্মৰত কলিয়াবৰৰ মন্টু বৰা
author img

By

Published : Nov 25, 2019, 7:25 PM IST

Updated : Nov 25, 2019, 8:05 PM IST

কলিয়াবৰ, 25 নৱেম্বৰঃ সন্ধানহীন কেৰালাত কৰ্মৰত কলিয়াবৰৰ এজন লোক ৷ কলিয়াবৰৰ কটীয়া চাপৰিৰ মন্টু বৰা নামৰ ৫৩ বছৰীয়া লোকজনে বিগত ৮ বছৰ ধৰি কেৰালাৰ FAB নামৰ এটা মৎস্য কোম্পানীত কাম কৰি দৰিদ্ৰ পৰিয়ালটো পোহপাল দি আহিছিল ৷ কিছুদিন পূৰ্বে ঘৰলৈ মন্টু বৰা ১৪ নৱেম্বৰ দিনা পুনৰ কেৰালালৈ বুলি ঘৰৰপৰা ৰাওনা হয় ৷ ১৫ নৱেম্বৰ দিনা কেৰালাৰ ট্ৰেইনত উঠা বুলি পত্নীক ফোনযোগে জনায় লোকজনে ৷ তেখেতৰ মোবাইলত চাৰ্জ শেষ হোৱাৰ বাবে মন্টু বৰাই ট্ৰেইনৰ এজন যাত্ৰীৰ মোবাইল ফোনৰ দ্বাৰা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিছিল ৷

কলিয়াবৰৰ মন্টু বৰা সন্ধানহীন

উল্লেখ্য যে, ঘৰৰ পৰা ৰাওনা হোৱাৰ তিনিদিনলৈকে মন্টু বৰাই কোম্পানীত উপস্থিত নোহোৱাত কোম্পানীৰ কৰ্তৃপক্ষই তেখেতৰ পত্নীক ফোনযোগে এই কথা জনায় ৷ আনহাতে, মন্টু বৰাৰ পত্নীয়ে তেখেতলৈ ফোন কৰা নম্বৰলৈ ফোন কৰি মন্টু বৰাই ভুল ক্ৰমে কেৰালাৰ ট্ৰেইনৰ সলনি দিল্লী অভিমুখী ট্ৰেইনত উঠাৰ তথ্য লাভ কৰে ৷ লগতে যাত্ৰীজনে জনায় যে, তেওঁ গাজিয়াবাদত নমালৈকে মন্টু বৰা উক্ত ট্ৰেইনখনতে আছিল ৷ ১৫ নৱেম্বৰৰ পিছৰ পৰা আজি পৰ্যন্ত মন্টু বৰাৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়াল তথা কেৰালাৰ FAB কোম্পানীৰ কৰ্তৃপক্ষই ৷ পৰিয়ালৰ লোকে উলুৱনী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়েও কোনো ধৰণৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই মন্টু বৰাৰ ৷ অৱশেষত অসহায় মাতৃ কন্যাকে ধৰি পৰিয়ালৰ লোক সকলে মন্টু বৰাৰ উদ্ধাৰৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপে ৷ যদি কোনো সদাশয় লোকে মন্টু বৰাৰ সম্ভেদ পায় তেন্তে ৮৬৩৮৯২৮৬১০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই ৷

Intro:
কলিয়াবৰৰ মণ্টু বৰা সন্ধানহীন

হিয়া ঢাকুৰি কান্দিছে অসহায় পত্নী-কন্যাইBody:কলিয়াবৰৰ কটীয়া চাপৰিৰ মন্টু বৰা নামৰ ৫৩ বছৰীয়া যুৱকজনে বিগত ৮ বছৰ ধৰি কেৰেলাৰ FAB নামৰ এটা মৎস কোম্পানীত কাম কৰি এটা দৰিদ্ৰ পৰিয়াল পোহপাল দি আহিছিল আৰু এই মন্টু বৰাৰে একমাত্ৰ কন্যাৰ পুস্পিতা হোৱাত সুদূৰ কেৰালাৰ পৰা ২৭ অক্টোবৰ দিনা কন্যাৰ বিয়া উঠোৱাৰ বাবে ঘৰমুৱা হোৱাৰ পাছত পৰিয়ালৰ সকলোৰে সৈতে মিলি কন্যাৰ বিয়া খন উঠাই পুনৰ ১৪ নৱেম্বৰ দিনা কেৰালালৈ বুলি ঘৰৰপৰা ওলাইগৈ ১৫ নৱেম্বৰ দিনা কেৰালাৰ ট্ৰেইনত উঠিলোঁ বুলি পত্নীলৈ ফোন কৰি কোনো চিন্তা কৰিব নালাগে বুলি জনাই সংযোগ বিছিন্ন কৰে। অৱশ্যে তেওঁৰ মোবাইল চার্জ শেষ হোৱাত বৰাই এই কথা ট্ৰেইনৰ এজন যাত্ৰীৰ মোবাইল ফোনৰ দ্বাৰা পৰিয়ালৰ লোকক জনাইছিল।
ইয়াৰ পাছত তিনি দিনমানৰ পাছলৈকে ব‍্যক্তি জন কেৰালাৰ উক্ত কোম্পানীত উপস্থিত নোহোৱাত কোম্পানীৰ কৰ্তৃপক্ষই মন্টু বৰাৰ পত্নীলৈ ফোন কৰি মন্টু বৰা কোম্পানীত উপস্থিত নোহোৱাৰ কথা জানিবলৈ দিয়ে আৰু পত্নীয়ে লগে লগে স্বামীৰ লগত তিনি দিন ধৰি যোগাযোগ কৰি কোনো সংযোগ নোপোৱাত
মন্টু বৰাই ট্ৰেইনত উঠি পত্নীলৈ কৰা উক্ত ফোন নম্বৰতোলৈ ফোন কৰাত গম পাই যে মন্টু বৰাই ভুল ক্ৰমে কেৰালাৰ ট্ৰেইনৰ সলনি দিল্লী অভিমুখী ট্ৰেইনত উঠাৰ কথা পোহৰলৈ আহে আৰু ট্ৰেইনৰ আৰোহী জনে লগতে কয় তেওঁ গাজিয়াবাদত নমালৈকে মন্টু বৰা উক্ত ট্ৰেইন খনতে থকাৰ কথা পত্নীক জানিবলৈ দিয়ে।
আনহাতে ১৫ নৱেম্বৰৰ সেই ফোনকলটোৰ পিছৰে পৰা আজিলৈকে এই ১০ দিনে মন্টু বৰাৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়াল তথা কেৰেলাৰ FAB কোম্পানীৰ কৰ্তৃপক্ষই। বৰ্তমান মন্টু বৰা ক'ত আছে কেনে আছে এই প্ৰশ্নই পৰিয়ালৰ লোক সকলৰ মাজত এতিয়া কৌতুহলৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোক সকল কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। অৱশেষত অসহায় মাতৃ কন্যাকে ধৰি পৰিয়ালৰ লোক সকলে সংবাদ মাধ্যমৰ সহায় বিচাৰিছে তেওঁলোকৰ মন্টু বৰাৰ উদ্ধাৰৰ ক্ষেত্ৰত। যদি কোনো সদাশই লোকে মন্টু বৰাৰ সম্ভেদ পাই তেন্তে ৮৬৩৮৯২৮৬১০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।Conclusion:visuals
bites - পত্নী, কণ‍্যা
Last Updated : Nov 25, 2019, 8:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.