ETV Bharat / state

কলিয়াবৰত বিভিন্ন স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ - KESHAB MAHANTA

কলিয়াবৰত উন্নত হৈছে ক'ভিড পৰিস্থিতি । ক্ৰমান্বয়ে হ্ৰাস পাইছে আক্ৰন্তৰ সংখ্যা । কলিয়াবৰত এতিয়ালৈকে ১,৫৯৬ জন লোক ক'ভিড 19 ত আক্ৰান্ত হৈছে । আনহাতে, সুস্থ হৈ উঠিছে ১,৩৪৩ জন ৰোগী । মঙলবাৰে কলিয়াবৰৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰি ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত(KESHAB MAHANTA)ই ।

Kaliabor Covid report
কলিয়াবৰত উন্নত হৈছে ক'ভিড পৰিস্থিতি
author img

By

Published : Jun 8, 2021, 2:09 PM IST

কলিয়াবৰ,৮ জুন: স্বাস্থ্য মন্ত্ৰীৰ সমষ্টিৰ লগতে কলিয়াবৰ মহকুমাত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ সংখ্যা । মঙলবাৰে কলিয়াবৰৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰি ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত(KESHAB MAHANTA)ই ।

অনাগত দিনবোৰত কলিয়াবৰত পৰিস্থিতি অধিক উন্নত হোৱাৰ আশা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । যোৱা ২৪ ঘণ্টাত কলিয়াবৰত ৩৪ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু এই তথ্যই কলিয়াবৰলৈ এক সুস্থিৰ পৰিৱেশ ঘূৰি অহাৰ আগজাননী দিছে । এই পৰ্যন্ত কলিয়াবৰত ১,৫৯৬ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু সুস্থ হৈ উঠিছে ১,৩৪৩ জন ৰোগী । কলিয়াবৰ মহকুমা প্ৰশাসনে ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৩ টাকৈ স্থান কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ।

Kaliabor Covid report
কলিয়াবৰত উন্নত হৈছে ক'ভিড পৰিস্থিতি

বৰ্তমানলৈকে কলিয়াবৰৰ ১৩ খন চাহ বাগিচাৰ ৯,৮২৫ গৰাকী চাহ শ্ৰমিক-কৰ্মচাৰীৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে । কলিয়াবৰত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১৭৩ জন । উল্লেখ্য যে, ডিজুভেলি, আমলখি, শালনা হৈছে সৰ্বাধিক চাহ শ্ৰমিক আক্ৰান্ত চাহ বাগিচা আৰু এই চাহ বাগিচাকেইখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৭৫ জন ।

কলিয়াবৰ মহকুমা প্ৰশাসনে প্ৰকাশ কৰা মতে, সাৱধানতা অৱলম্বন কৰাৰ বাবেই কলিয়াবৰত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে । তথাপিও ৰাইজক পূৰ্বৰ দৰেই সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে মহকুমা প্ৰশাসনে ।

লগতে পঢ়ক: টেঙাখাতৰ আৰ্তজনৰ কাষত সমাজকৰ্মী ৰাজীৱ সিংহ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.