ETV Bharat / state

বহিঃৰাজ্যত উৎপাদিত গামোচাৰ বিৰুদ্ধে কলিয়াবৰ মহকুমা প্ৰশাসনৰ অভিযান

বিহুৰ প্ৰাক্ ক্ষণত ৰাজ্যৰ বজাৰত বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰ পয়োভৰ ৷ সেয়ে এই ক্ষেত্ৰত কঠোৰ ভূমিকা পালন কৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসনে (Kaliabor district administration) বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰ বিৰুদ্ধে চলালে অভিযান ৷

author img

By

Published : Apr 13, 2022, 9:33 PM IST

kaliabor-administration-obstructs-sale-of-outside-made-gamusa
বহিঃৰাজ্যত উৎপাদিত গামোচাৰ বিৰুদ্ধে কলিয়াবৰ মহকুমা প্ৰশাসনৰ অভিযান

কলিয়াবৰ, 13 এপ্ৰিল : ৰঙালী বিহুৰ প্ৰাক্ ক্ষণত বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ ৷ সেয়ে এতিয়া ৰাজ্য চৰকাৰে বিক্ৰী নিষিদ্ধ কৰা বহিঃৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলোমত উৎপাদিত গামোচাৰ বিৰুদ্ধে কলিয়াবৰ মহকুমা প্ৰশাসনৰ তীব্ৰ অভিযান (Kaliabor administration obstructs sale of outside made Gamusa) ৷

যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিহুত থলুৱা গামোচা ব্যৱহাৰ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে সেই সময়তে একাংশ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় বৃদ্ধিৰ স্বাৰ্থত বজাৰত বিক্ৰী কৰি আহিছে বহিঃৰাজ্যত উৎপাদিত গামোচা ৷ যাৰ বাবে ৰাজ্যৰ শিপিনীসকলে অৰ্থনৈতিক সংকটত ভোগাও পৰিলক্ষিত হৈছে ৷ সেয়ে এতিয়া এই ক্ষেত্ৰত কঠোৰ ভূমিকা পালন কৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলা প্ৰশাসনে বহিঃৰাজ্যত উৎপাদিত গামোচাৰ বিৰুদ্ধে চলাইছে অভিযান ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ কেইবাখনো বিপনীত বুধবাৰে চলিল কলিয়াবৰ মহকুমা প্ৰশাসনৰ অভিযান ৷ কলিয়াবৰৰ চক্ৰ বিষয়া নীতিশা বৰাৰ নেতৃত্বত চলিল হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অভিযান । জখলাবন্ধাৰ কেইবাখনো বস্ত্ৰ বিপনীৰ পৰা প্ৰশাসনে জব্দ কৰে প্ৰায় দুই শতাধিক বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচা । কলিয়াবৰ মহকুমা প্ৰশাসনৰ এটি অভিযানকাৰী দলে জখলাবন্ধাৰ কেইবাখনো বস্ত্ৰ বিপনীত অভিযান চলাই জব্দ কৰে ২০০ খনৰো অধিক বহিঃৰাজ্যৰ গামোচা ।

লগতে পঢ়ক : বহিঃৰাজ্যত উৎপাদিত গামোচা বিক্ৰী কৰাক লৈ তৎপৰ গোলাঘাট জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.