ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ কলংপৰীয়া বঁটা - nagaon

বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা প্ৰদান । নগাঁৱত বঁটা প্ৰদান কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে । সংবাদ মাধ্যমৰ নিৰীক্ষণ বোৰ্ডৰ পোষকতা মনোজ কুমাৰ গোস্বামীৰ ।

kalangpar-award
জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ কলংপৰীয়া বঁটা
author img

By

Published : Jan 3, 2021, 7:57 PM IST

নগাঁও, 3 জানুৱাৰী : নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত কলংপাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয় কলংপাৰ বঁটা । দেওবাৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে ।

নিজ জন্মভূমিত বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা আমাৰ অসম কাকতৰ মূখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে নিজৰ ভাষণত সাম্প্ৰতিক সময়ত সংবাদ জগতৰ লগতে ৰাজনৈতিক, সামাজিক সকলো ক্ষেত্ৰতে সংকট অহাৰ কথা উল্লেখ কৰে । লগতে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি মনোজ কুমাৰ গোস্বামীয়ে স্বাধীন, নিৰপেক্ষ সংবাদ মাধ্যম জৰুৰী বুলিও উল্লেখ কৰে ভাষণ প্ৰসংগত । লগতে ঘৰে ঘৰে হোৱা পৰ্টেলৰ কথাও উল্লেখ কৰি সম্প্ৰতি সংবাদ মাধ্যমৰ এক নিৰীক্ষণ বোৰ্ড অতি জৰুৰী বুলিও উল্লেখ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ।

জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ কলংপৰীয়া বঁটা

ডিজিটেল মিডিয়া বৰ্তমান অতি শক্তিশালী মাধ্যম বুলিও উল্লেখ কৰি মনোজ কুমাৰ গোস্বামীয়ে ডিজিটেল সংবাদ মাধ্যমকো এটা উন্নত মানদণ্ডৰ মাজেৰে আগুৱাই নিব লাগিব বুলি মন্তব্য কৰে । মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত কলংপাৰৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে কাকতগোষ্ঠীয়ে কবিতা,গল্প,প্ৰবন্ধ আদি প্ৰতিযোগিতাৰো আয়োজন কৰে । কলংপাৰ কাকত গোষ্ঠীয়ে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, কলংপাৰ কাকতৰ মূখ্য সম্পাদক ডঃ আবু হানিফা, স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: 21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.