ETV Bharat / state

কবিৰাজী চিকিৎসাৰে সমাদৃত এজন ব্যতিক্ৰমী চিকিৎসক - medicine

কবিৰাজী চিকিৎসাৰে সমাদৃত লাভ কৰা নগাঁৱৰ এজন ব্যতিক্ৰমী চিকিৎসক ৷ বহু অভিজ্ঞ চিকিৎসকে ভাল কৰিব নোৱাৰা ৰোগ অতি সহজে নিৰাময় কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ চিকিৎসক গৰাকীয়ে ৷

কবিৰাজী চিকিৎসাৰে সমাদিত এজন ব্যতিক্ৰমী চিকিৎসক

author img

By

Published : Jun 22, 2021, 7:59 PM IST

চামগুৰি,22 জুন: কবিৰাজী চিকিৎসাৰ জৰিয়তে সমাদৰ লাভ কৰা এজন ব্যতিক্ৰমি চিকিৎসক ৷ এই ব্যতিক্ৰমি চিকিৎসক জনৰ নাম গোপাল বৰুৱা ৷ পেচাগত ভাৱে গোপাল বৰুৱা এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা শালনাৰ নিবাসী হৈছে গোপাল বৰুৱা ৷

বন ঔষধ ব্যৱহাৰ কৰি তেখেতে ইতিমধ্যে বহু ৰোগীৰ ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছে ৷ যাৰ বাবে সম্প্ৰতি কবিৰাজ হিচাপে পৰিচিতি লাভ কৰিছে ব্যৱসায়ী গোপাল বৰুৱাই ৷ জানিব পৰা মতে, বিভিন্ন জটিল ৰোগৰ চিকিৎসা অতি সহজে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে শালনাৰ কবিৰাজ গোপাল বৰুৱাই ৷

কবিৰাজী চিকিৎসাৰে সমাদিত এজন ব্যতিক্ৰমী চিকিৎসক

গোপাল বৰুৱাই মন্তব্য কৰা অনুসৰি, ২০১৬ চনৰ পৰা বিগত পাঁচ বছৰ ধৰি বৰুৱাই ব্যৱসায়ৰ সমান্তৰাল ভাৱে চলাই গৈছে কবিৰাজী চিকিৎসা সোৱাও ৷

অঞ্চলবাসীয়ে উল্লেখ্য কৰা অনুসৰি, অঞ্চলটোত কেঁচুমুৰীয়া(পাইলচ), পেৰালাইছিচ, মূৰৰ বিষ(মাইগ্ৰেইন), জ্বৰ, ক্ৰনিক ডিছেনট্ৰেৰী আদি ৰোগৰ নিৰ্ভৰযোগ্য চিকিৎসক গোপাল বৰুৱা ৷ বহু লোকে বহু টকা খৰছ কৰি বিজ্ঞান সন্মত চিকিৎসা পদ্ধতিৰেও উপশম ঘটাব নোৱাৰা ৰোগ গোপাল বৰুৱাই নিজ হাতে প্ৰস্তুত কৰা বন দৰৱেৰে নিমিষতে নিৰাময় কৰিবলৈ সক্ষম হৈছে ৷ যাৰ বাবে বিভিন্ন স্থানৰ ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে গোপাল বৰুৱাই ৷

পুৰণা শালনাৰ এই গৰাকী চিকিৎসকৰ ঔষধ ইতিমধ্যে নগাঁও, গুৱাহাটী, হোজাই, মৰিগাঁও, যোৰহাট, কাৰ্বি আংলং আদিৰ ৰাইজে গ্ৰহণ কৰি সুস্থ হৈ উঠিছে ৷ এই কথা নিজে সদৰি কৰিছে গোপাল বৰুৱাই ৷ ভৱিষ্যতে এখন আয়ুৰ্বেদৰ উদ্যান গঢ় দিয়াৰ সপোন আছে গোপাল বৰুৱাৰ, যি উদ্যানৰ দ্বাৰা ৰাইজৰ সেৱা আগবঢ়াব পাৰিব ৷

লগতে পঢ়ক: Toycathon ৰ অংশগ্ৰহণকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.