নগাঁও,24 এপ্ৰিলঃ অসম চৰকাৰে সমবায়ৰ ৰেছনকাৰ্ড নোহোৱা লোকক সহায়ৰ বাবে 1000 টকাকৈ অনুদান আগবঢ়াইছে ৷ কিন্তু নগাঁও জিলাৰ ৰূপহীহাটত এই ধন আবন্টনৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৷ জুৰীয়া ব্লকৰ বিডিঅ’ আৰু সচিব সকলৰ বিৰুদ্ধে পঞ্চাসতৰ সদস্যই ৰুজু কৰিছে গোচৰ ৷ উল্লেখ্য যে,হিতাধিকাৰী সকলৰ প্ৰতিখন ফৰ্মত সমবায় সমিতিৰ এজেন্টে স্বাক্ষৰ কৰাৰ পিছতহে ৱাৰ্ড মেম্বাৰৰ লগতে ব্লকৰ সচিব আৰু বিডিঅ’ই স্বাক্ষৰ কৰে ৷
আনহতে, এই ক্ষেত্ৰত পঞ্চায়তৰ সদস্যৰ অভিযোগ সমবায় সমিতিৰ এজেন্ট আৰু ৱাৰ্ডৰ মেম্বাৰ আৰু সভাপতিসকলে মিলি হিতাধিকাৰীৰ নামৰ তালিকা সালসলনি কৰিছে ৷ ইয়াৰ বিপৰীতে এই বিষয়ে সমবায় সমিতিৰ এজেন্ট গৰাকীয়ে একো নজনা বুলি মন্তব্য কৰি ব্লকৰ বিডিঅ’,সচিব আৰু সভাপতিৰ ওপৰত অভিযোগ উত্থাপন কৰে ৷ যাৰ ফলত সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷
লগতে পঢ়ক-লক ডাউনে কেনেদৰে বিধ্বস্ত কৰিলে অসমৰ ব্যৱসায়িক খণ্ড: ই টিভি ভাৰত বিশেষ