ৰূপহীহাট,8 মাৰ্চ: ৰূপহীহাটৰ বগৰিগুৰিত আৰক্ষীয়ে সোমবাৰে পুৱা জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা ৪৩ টাকৈ গৰুসহ দুখন বাহন ৷ শিৱসাগৰৰ পৰা নগাঁৱৰ ডুডুমীয়ালৈ আহি থকা অৱস্থাত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই গৰুসহ ছজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, AS-02-BC-8575 আৰু AS-01-R-0086 নম্বৰৰ মিনি ট্ৰাক দুখনৰ লগতে হালিম উদ্দিন, জাকিৰ হুছেইন, ৰমজান আলী, বাহাৰুল ইছলাম, আজিবুৰ ৰহমান আৰু তাইজুল ইছলাম নামৰ লোক কেইজনক আটক কৰে আৰক্ষীয়ে । সম্প্ৰতি জুৰীয়া আৰক্ষীয়ে চোৰাং গৰুৰ বেহাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: মাজুলীত গঁড়ৰ মুক্ত বিচৰণ