ETV Bharat / state

Jumma Namaj in Nagaon: জুৰীয়ালৈ কিন্তু কিয় নাহিল মক্কাৰ ইমাম ? - তায়েফ চহৰৰ ইমাম

মক্কাৰ ইমামৰ ইমামতিত জুম্মাৰ নামাজ আদায় কৰিবলৈ জুৰীয়াত জনসমূদ্ৰ । নিশাৰ পৰাই জুৰীয়াত উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবালক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক । ঘৰৰ মুধচৰ ওপৰতো বহুজনে আদায় কৰিলে নামাজ । মক্কাৰ ইমামক চাবলৈ গছৰ ওপৰতো উঠিল বহুজন । কিন্তু জুৰীয়াত জুম্মাৰ নামাজত ইমামতি কৰিবলৈ উপস্থিত নহ'ল মক্কা অথৱা মদিনাৰ কোনো ইমাম । যাক লৈ জুম্মাস্থলীত সৃষ্টি হয় কিছু উত্তপ্ত পৰিস্থিতিৰ । জুম্মাৰ নামাজৰ নামত লক্ষ লক্ষ জনতাক প্ৰতাৰণা কৰাৰ অভিযোগ উদ্যোক্তাৰ বিৰুদ্ধে । অভিযোগৰ আঙুলি মন্ত্ৰী কেশৱ মহন্তলৈও ।

Jumma Namaj in Nagaon
জনসমূদ্ৰত পৰিণত হৈছে নগাঁৱৰ জুৰীয়া
author img

By

Published : Feb 26, 2022, 7:42 PM IST

নগাঁও, 26 ফেব্ৰুৱাৰী : শুকুৰবাৰে জনসমূদ্ৰত পৰিণত হৈছে নগাঁৱৰ জুৰীয়া ৷ মক্কাৰ ইমামৰ ইমামতিত জুম্মাৰ নামাজ আদায় কৰিবলৈ লক্ষ লক্ষ ইছলাম ধৰ্মাৱলম্বী লোক উপস্থিত হয় জুৰীয়াত ৷ কিন্তু সকলোৰে আশাত চেঁচাপানী পৰিল ৷ ফলত যেন ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল জুৰীয়াৰ একাংশ লোকৰ ৷

মন্ত্ৰী কেশৱ মহন্তৰ পৃষ্ঠপোষকতাত কেইবা লক্ষাধিক লোকক প্ৰতাৰণা একাংশ লোকৰ ! এনে প্ৰশ্নই এতিয়া উত্থাপন হৈছে নগাঁৱৰ জুৰীয়াবাসীৰ মুখে মুখে । প্ৰশ্ন এটাই কোনে প্ৰতাৰণা কৰিলে লক্ষ লক্ষ ইছলাম ধৰ্মাৱলম্বী লোকক । অভিযোগৰ আঙুলি মন্ত্ৰী কেশৱ মহন্তলৈও ।

জুৰীয়ালৈ কিন্তু কিয় নাহিল মক্কাৰ ইমাম ?

তাৰ কাৰণো বহুত । প্ৰচাৰ কৰা অনুসৰি, জুৰীয়াত তায়েফ চহৰৰ ইমামৰ ইমামতিত অনুষ্ঠিত হ'ব জুম্মাৰ নামাজ । এই প্ৰচাৰ পত্ৰখনত সেই কথা স্পষ্টকৈ উল্লেখ আছে ৷ আনহাতে, এই অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক আছিল মন্ত্ৰী কেশৱ মহন্ত।

এই অনুষ্ঠানৰ পূৰ্বে আয়োজক কমিটিৰ তৰফৰ পৰা আয়োজন কৰা হৈছিল এক সংবাদ মেলৰ ৷ মক্কাৰ ইমামৰ ইমামতিত অনুষ্ঠিত জুৰীয়াৰ জুম্মাৰ নামাজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল অগপ নেতা জাকিৰ হুছেইনে । কিন্তু তাৰ পিছতেই শুকুৰবাৰৰ জুৰীয়া খেলপথাৰৰ দৃশ্যই হতচম্ভিত কৰি তুলিছে সাধাৰণ লোকক ।

শুকুবাৰৰ এক বিশেষ জুম্মাৰ নামাজত অংশগ্ৰহণ কৰিবলৈ জুৰীয়াৰ বগুৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত কেইবালক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক । নিশাৰ পৰাই জুৰীয়ালৈ বৈছিল ইছলাম ধৰ্মাৱলম্বী লোকৰ লানি নিছিগা সোঁত । আনকি শুকুবাৰে দুপৰীয়া পৰ্যন্ত জুৰীয়াৰ খেলপথাৰত জুম্মা নামাজ আদায় কৰিবলৈ উপস্থিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবালক্ষাধিক লোক ।

লগতে পঢ়ক : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল তোৰণ মুকলি বিধায়ক তৰংগ গগৈৰ

একপ্ৰকাৰ জনসমূদ্ৰত পৰিণত জুৰীয়াৰ খেলপথাৰ । সকলোৰে আশা মক্কাৰ ইমামৰ ইমামতিত অংশগ্ৰহণ কৰিব জুম্মাৰ নামাজত । কিন্তু মন্ত্ৰী কেশৱ মহন্তই মুখ্য পৃষ্ঠপোষক হিচাপে থকা জুম্মাৰ নামাজত যথাসময়ত উপস্থিত নহ'ল তায়েফ চহৰৰ ইমাম ।

উপস্থিত সকলোৱে এই বিষয়ে অৱগত হোৱাৰ পিছতে জুৰীয়া খেলপথাৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ক্ষোভিত একাংশ লোকে ভাঙি লণ্ড ভণ্ড কৰে বিভিন্ন আচবাব । যেন ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে একাংশৰ ।

কিন্তু ইয়াৰ মাজতে উপস্থিত কেইবালক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক শান্তি শৃংখলা বজাই ৰাখি নামাজ আদায় কৰি উভতে ঘৰ অভিমুখে । কিন্তু লাখ লাখ লোক বিমুখ হৈ উভতিবলগীয় হোৱা ঘটনাক লৈ লজ্জিত জুৰীয়াৰ সচেতন মহল । উদ্যোক্তাক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰো দাবী উত্থাপন কৰে স্থানীয় সচেতন লোকে ।

ইপিনে জুৰীয়াৰ জুম্মাৰ নামাজত তায়েফ চহৰৰ ইমাম আহি উপস্থিত হোৱাটো নিশ্চিত আছিল যদিও বিমানযাত্ৰাৰ বিশেষ অসুবিধাত পলম হোৱা বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক : আদালতত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে গোচৰৰ বোজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.