কলিয়াবৰ, 14 এপ্ৰিল : যোৱা বৰ্ষত ক'ৰণা ত্ৰাসে তৰমুজ খেতিয়কক হতাশ কৰি তোলাৰ পাচতে এইবাৰ তৰমুজৰ বজাৰখনক লৈ আশাবাদী হোৱা দেখা গৈছে শিলঘাট-বিহডুবি অঞ্চলৰ খেতিয়কসকলক ৷
![তৰমুজৰ বজাৰক লৈ আশাবাদী শিলঘাট-বিহডুবিৰ খেতিয়ক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-apr-13-01-juicy-watermelon-at-kaliabor-vis-bite-asc10014_13042021073645_1304f_1618279605_328.jpg)
ব্ৰহ্মপুত্ৰৰ বালিচৰত উৎপাদিত তৰমুজ ক্ৰয় কৰিবৰ বাবে ব্যৱসায়ী সকলক এতিয়া ভিৰ কৰা দেখা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ নগাঁও, শিলচৰ, খাৰুপেটীয়া, যোৰহাট, গুৱাহাটী আৰু হোজাইৰ ব্যৱসায়ীসকলে শিলঘাট-বিহডুবি অঞ্চলৰ খেতিয়কসকলক ক্ৰয় কৰি আহিছে ব্ৰহ্মপুত্ৰৰ বালিচৰত উৎপাদিত এই তৰমুজ ৷
উল্লেখ্য যে, অসমত তৰমুজৰ এখন ভাল বজাৰ আছে ৷ তৰমুজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিঘাই-বিঘাই তৰমুজৰ খেতি কৰি এতিয়া যথেষ্ট উপকৃত হৈছে ৰাজ্যৰ খেতিয়ক সকল ৷
শিলঘাটৰ অশোকাষ্টমী মেলাৰ আন এক চিনাকী পৰিচয় হৈছে স্থানীয়ভাৱে উৎপাদিত তৰমুজ । বহাগ মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব লগীয়া অশোকাষ্টমী মেলালৈ অহা লোক সকলক গৰমত সকাহ দিবলৈ ৰসাল তৰমুজ বিক্ৰীৰ বাবে আশাৰে বাট চাই আছে খেতিয়কসকল।
লগতে পঢ়ক: ভাৰত-পাক সীমান্তত পাকিস্তানী নাগৰিকক আটক