ETV Bharat / state

সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদিকৰ চাইকেল ৰেলী - চাইকেল ৰেলী

সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে চাইকেল যাত্ৰা সাংবাদিক স্নেহাকংৰৰ ৷

সাংবাদিকৰ সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদিকৰ চাইকেল ৰেলী
author img

By

Published : Nov 14, 2019, 8:28 AM IST

Updated : Nov 14, 2019, 10:07 AM IST

ৰহা,14 নৱেন্বৰঃ সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত চাইকেল যাত্ৰা ৷ গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে চাইকেল চলাই যাত্ৰা কৰে স্নেহাকংৰ নামৰ এগৰাকী সাংবাদিকে । সাংবাদিকজনে গুৱাহাটীৰ পৰা বুধবাৰে পুৱা ৯ বজাত যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ৰহাত উপস্থিত হয়হি । সাংবাদিকগৰাকীয়ে ৰহাত ETV Bharat ক কয় যে, সাংবাদিকসকলক সামাজিকভাৱে সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবেই তেওঁ এই যাত্ৰা আৰম্ভ কৰিছে ।

সাংবাদিকৰ সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদিকৰ চাইকেল ৰেলী

তেওঁৰ মতে

"সকলোৱে কেৱল সাংবাদিকসকলে খবৰ যোগান ধৰা কৰ্মী বুলিহে জ্ঞান কৰে । তেওঁলোকৰো যে সমস্যা থাকে ,চাকৰি ,জীৱনৰ নিৰপত্তাহীনতা আদি সমস্যা ভোগে সেই কথা বহুতে অনুভৱ নকৰে । বহু সাংবাদিকে নিম্নতম মজুৰিৰ পৰাও বঞ্চিত হয় । সংবাদ প্ৰতিষ্ঠান সমূহে সাংবাদিকক দৰমহা দিয়া, সাংবাদিকৰ নিৰাপত্তা দিয়া আদি বিষয়সমূহক গুৰুত্ব নিদিয়া পৰিলক্ষিত হয় । যাৰ বাবে বৰ্তমান সময়ত মুঠেই সুৰক্ষিত নহয় সাংবাদিকসকল । সেয়ে সাংবাদিক সকলৰ মাজত সজাগতা অনাৰ উদ্দেশ্য‌ই মই এই চাইকেল যাত্ৰা আৰম্ভ কৰিছো ৷"

উল্লেখযোগ্য যে, চুটি ছবি নিৰ্মাণৰ লগত জড়িত স্নেহাংকৰে নিৰ্মাণ কৰা "ৰেড প্লাচ ইয়েল্ল ইজকেল টু " নামৰ তথ্যচিত্ৰখন কলিকতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত প্ৰৰ্দশিত হৈছিল । তেওঁ 'উষা স্নেহাংকৰৰ ঘোঁৰা', 'মোৰ শূণ্যতা খিনি চুই চাবলৈ চেষ্টা কৰিবা' আৰু 'চলু বুলি নকবা' নামৰ তিনিখন কাব্য সংকলন প্ৰকাশ কৰি উলিয়াইছে ।

আৰু পঢ়ক নগাঁও মহাবিদ্যালয়ত বিজ্ঞানী উদ্ধৱ ভৰালীৰ মত বিনিময় অনুষ্ঠান

Intro:সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে চাইকেল যাত্ৰা কৰিছে এগৰাকী সাংবাদিকে।Body:সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে চাইকেল যাত্ৰা কৰিছে এগৰাকী সাংবাদিকে।সাংবাদিক জনে গুৱাহাটীৰ পৰা আজি পূৱা ৯ বজাত যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ৰহাত আহি উপস্থিত হয়হি। সাংবাদিক গৰাকীয়ে ৰহাত ETV Bharat ৰ আগত জনোৱামতে সাংবাদিক সকলক সামাজিক ভাবে সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবেই তেওঁ এই যাত্ৰা আৰম্ভ কৰিছে। তেওঁৰ মতে , সকলোৱে কেৱল সাংবাদিক সকলে খবৰ যোগান ধৰে বুলিহে জানে। তেওঁলোকৰো যে সমস্যা থাকে ,চাকৰি ,জীৱনৰ নিৰপত্তাহীনতাতো যে ভূগে সেই কথা বহুতে অনুভৱ নকৰে। বহু সাংবাদিকে নিম্নতম মজুৰীও নাপায়। সংবাদ প্ৰতিষ্ঠান সমূহে সাংবাদিকক দৰমহা দিয়া, সাংবাদিকৰ নিৰাপত্তা দিয়া আজি বিষয় সমূহত গুৰুত্ব নিদিয়ে। বৰ্তমান সময়ত মুঠেই সুৰক্ষিত নহয় সাংবাদিক সকল । সেয়ে সাংবাদিক সকলৰ সজাগতা অনাৰ উদ্দেশ্য‌ই তেওঁ এই চাইকেল যাত্ৰা আৰম্ভ কৰিছো। " উল্লেখযোগ্য যে,চুটি ছৱি নিৰ্মানৰ লগত জড়িত স্নেহাংকৰে নিৰ্মাণ কৰা "ৰেড প্লাচ ইয়েল্ল ইজকেল টু "নামৰ তথ্যচিত্ৰ খন কলিকতাৰ সত্যজিৎ ৰায় ফিল্ম এন্ড টেলিভিছন ইনষ্টিটিউটত প্ৰৰ্দশিত হৈছিল।তেওঁ উষা,স্নেহাংকৰৰ ঘোঁৰা, মোৰ শূণ্যতা খিনি চুই চাবলৈ চেষ্টা কৰিবা,চলু বুলি নকবা তিনি খন কাব্য সংকলন প্ৰকাশ পাইছে।বিশ্বনাথ চাৰিআলিৰ নবপূৰ নিবাসী স্নেহাকংৰৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত যদিও তেওঁৰ অনুপেৰণাৰ উৎস বুলি মন্তব্য কৰে সাংবাদিক গৰাকীয়ে।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
Last Updated : Nov 14, 2019, 10:07 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.