নগাঁও, 20 আগষ্টঃ নগাঁৱৰ পানীখাইতিৰ পাখিমৰীয়াত বুধবাৰে বিয়লি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । শাসকীয় দল বিজেপিৰ এজন কাউন্সিলাৰৰ বিৰুদ্ধে উত্থাপন হৈছে গুণ্ডাগিৰিৰ অভিযোগ । সমবায়ৰ এখন সুলভ মূল্যৰ দোকানক লৈ দুটা ফৈদৰ মাজত সৃষ্টি হয় সংঘাতৰ । দুই ফৈদৰ সংঘাতৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ দলকো আক্ৰমণ একাংশ উদণ্ড লোকৰ । বিজেপি দলৰ কাউন্সিলাৰৰ নেতৃত্বত সাংবাদিকৰ দলক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে ।
পাখিমৰীয়াৰ কাউন্সিলাৰ ৰিয়াজুল হক আৰু তেওঁৰ ভাতৃ শিক্ষক নুৰুল হুদাৰ নেতৃত্বত উদণ্ড বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে সাংবাদিকৰ দলটোক। নগাঁও যোগান বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উচতনিতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। ননৈ আৰক্ষীৰ সন্মুখতে সাংবাদিকৰ দলক আক্ৰমণ কৰে যদিও নীৰৱ ভূমিকাত অৱতীৰ্ণ হয় নাগৰিকৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী । ইয়াকে লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ বিজেপিৰ নৱ নিযুক্ত ৰাজ্যিক সম্পাদক তৰংগ গগৈক সম্বৰ্ধনা