ETV Bharat / state

সংবাদকৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগ: নিৰ্বাচনী বিষয়াক বদলিৰ দাবী

author img

By

Published : Feb 27, 2021, 11:09 AM IST

কলিয়াবৰৰ এগৰাকী নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ তলতীয়া কৰ্মচাৰীৰ পাছতে এইবাৰ সংবাদকৰ্মী সকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ নিৰ্বাচনী বিষয়া গৰাকীৰ বিৰুদ্ধে ৷ বিষয়া গৰাকীক বদলিৰ বাবে সংশ্লিষ্ট বিভাগক 72 ঘণ্টা সময় দিছে সংবাদকৰ্মীসকলে ৷ অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সংবাদকৰ্মীসকলে ৷

jornalist demands transfer of election officer at kaliabor in nagaon

কলিয়াবৰ,27 ফেব্ৰুৱাৰী: কলিয়াবৰ মহকুমাৰ এগৰাকী নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতে এইবাৰ একেগৰাকী বিষয়াৰ বিৰুদ্ধে সংবাদকৰ্মীসকলেও উত্থাপন কৰিছে দুৰ্ব্যৱহাৰৰ অভিযোগ ৷ সংবাদৰ খাতিৰত বিষয়াগৰাকীক সাক্ষাৎ কৰিবলৈ যোৱা সংবাদকৰ্মীসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কলিয়াবৰৰ সাংবাদিক সকলে ৷

ইতিমধ্যে নিৰ্বাচনী বিষয়াগৰাকীক 72 ঘন্টাৰ ভিতৰত বদলি কৰাৰ দাবী জনাই সাংবাদিকসকলে মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ‍্য নিৰ্বাচনী আয়ুক্তলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷ পৰৱৰ্তী 72 ঘন্টাৰ এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ দিছে সংবাদকৰ্মীসকলে ৷

72 ঘন্টাৰ ভিতৰত নিৰ্বাচনী বিষয়া গৰাকীক বদলি কৰাৰ দাবী প্ৰতিবাদকাৰীৰ

উল্লেখ্য যে, কলিয়াবৰ মহকুমাৰ বাৰ্বী হাজৰিকা নামৰ বিষয়াগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা তলতীয়া কৰ্মচাৰীক অপদস্থ কৰাৰ লগতে মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ অভিযোগ অনুসৰি কাৰ্যালয়টোৰ এগৰাকী কনিষ্ঠ সহায়কক দীৰ্ঘদিন ধৰি হাজৰিকাই মানসিক নিৰ্যাতন চলাই আহিছিল ৷ এই লৈ কৰ্মচাৰী গৰাকীয়ে চাকৰিৰ পৰা ইস্তাফা দিয়াৰ লগতে আত্মহননৰ দৰে পথ বাচি ল’ব লাগিব বুলি কলিয়াবৰৰ মহকুমাধিপতি, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলা উপায়ুক্ত, কৰ্মচাৰী পৰিষদকে ধৰি শীৰ্ষ পৰ্যায়লৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টো অৱগত কৰিছিল ৷

এই কৰ্মচাৰীগৰাকীক কৰা দুৰ্ব্যৱহাৰ তথা আত্মহনন সংক্ৰন্তীয় অভিযোগৰ বিষয়ে জানিবলৈ কলিয়াবৰৰ প্ৰেছ ক্লাবকে ধৰি কলিয়াবৰৰ একাংশ সংবাদকৰ্মী মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৷ বাতৰি সংগ্ৰহৰ বাবে যোৱা সংবাদকৰ্মীসকলক বিষয়াগৰাকীয়ে বেয়া ব্যৱহাৰ কৰাৰ লগতে সেই স্থানৰ পৰা ততাতৈয়াকৈ পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়েহে, সংবাদকৰ্মীসকলে বিষয়া গৰাকীক বদলি কৰাৰ বাবে এতিয়া প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক 72 ঘণ্টাৰ সময়সীমা বান্ধি দিছে ৷ ইয়াৰ অন্যথা আন্দোলন গঢ়ি তোলা হ'ব বুলিও সংবাদকৰ্মীসকলে জানিবলৈ দিছে ৷

লগতে পঢ়ক: কলিয়াবৰত সাংবাদিকক দুৰ্ব্যৱহাৰ নিৰ্বাচনী বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.