কলিয়াবৰ,১৫ মাৰ্চ: শতিকাৰ প্ৰাচীন দল কংগ্ৰেছৰ মাজত জ্বলিছে ক্ষোভ আৰু অসন্তুষ্টিৰ জুই । বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত আভ্যন্তৰীণ সংঘাতত জুৰুলা হৈ পৰিছে কংগ্ৰেছ । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ ফলত এতিয়া অগপ দলত যোগদান ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে । শেহতীয়াকৈ, নগাঁও জিলাৰ কলিয়াবৰত কংগ্ৰেছৰ ব্যাপক খহনীয়া পৰিলক্ষিত হৈছে । দেওবাৰে বহু কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে অগপত । কেশৱ মহন্তৰ কৰ্ম আৰু দলীয় নীতিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বহু কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে অগপত ।
দেওবাৰে নিশা কুঁৱৰীটোলস্থিত জিলা অগপৰ মুখ্য কাৰ্যালয়ত কেশৱ মহন্তৰ উপস্থিতিত প্ৰায় ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে দলটোত । কৰ্মীসকলে যোগদান কৰিয়েই কলিয়াবৰৰ পৰা কেশৱ মহন্তক বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰোৱাই দিছপুৰলৈ পঠোৱাৰ সংকল্প গ্ৰহণ কৰে । অগপ দলটোক শক্তিশালী কৰি নতুনকৈ যোগদান কৰা কৰ্মীসকলক আদৰণি জনাই কেশৱ মহন্তই । আনহাতে, কলিয়াবৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নাজনীন চুলতানাই শতাধিক সমৰ্থকসহিতে যোৱা শনিবাৰে কংগ্ৰেছ শিবিৰত জোকাৰণি তুলি অগপ দলত যোগদান কৰে ।
লগতে পঢ়ক: শিলঘাট ধিং মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম