নগাঁও, 10 অক্টোবৰ: নগাঁৱত এইবাৰ পোহৰলৈ আহিছে দিব্যাংগৰ নামত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ তথ্য । দিব্যাংগক চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই অৱশেষত জালত পৰিল নিজকে দিব্যাংগ মঞ্চৰ কাৰ্য্যকৰী সভাপতি বুলি নিজকে পৰিচয় দিয়া দালাল (Job brokers in name of disabled in Nagaon) । দিব্যাংগৰ নামত ধন লোৱা চাকৰি দালাক অৱশেষত দেওবাৰে বিয়লি আটক কৰে নগাঁৱৰ বটদ্ৰৱা আৰক্ষীয়ে ।
বটদ্ৰৱা থানাৰ অন্তৰ্গত বটদ্ৰৱা বাটমাৰীৰ মস্তোফা কামালক চাকৰিৰ নামত ধন লোৱাৰ অভিযোগত আটক কৰে বটদ্ৰৱা আৰক্ষীয়ে । প্ৰাপ্ত অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি মস্তোফা কামালে বিভিন্ন জনৰ পৰা বিদ্যালয়ত চাকৰি দিয়াৰ নামত আৰু শিক্ষকৰ নামত প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি আহিছে ।
আৰক্ষীয়ে জানিব দিয়া মতে, পুস্পেন্দ্ৰ কলিতা নামৰ এজন ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে মস্তোফা কামাল নামৰ প্ৰৱঞ্চকজনক । মুস্তাফা কামাল নিজেই এজন দিব্যাংগ ব্যক্তি হোৱাৰ লগতে দিব্যাংগ মঞ্চৰ কাৰ্য্যকৰী সভাপতি বুলি পৰিচয় দি ধন সংগ্ৰহ অভিযানত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে । ইপিনে প্ৰৱঞ্চক মুস্তফাক আৰক্ষীয়ে আটক কৰাৰ পিছতেই বিভিন্ন ঠাইৰ পৰা বহু দিব্যাংগ ব্যক্তি আহি উপস্থিত হয় বটদ্ৰৱা আৰক্ষী থানাত ।
কাৰোবাৰ পৰা যদি চাকৰিৰ নামত আন কাৰোবাক আকৌ দিব্যাংগৰ নামত বিভিন্ন আঁচনি দিয়াৰ নামতো ধন লোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰক্ষী থানাত উপস্থিত হোৱা একাংশ দিব্যাংগ লোকে। বটদ্ৰৱা আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চক মুস্তফাক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথান জেৰা । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰে এইজনা প্ৰৱঞ্চকৰ বিৰূদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষ্যণীয় ।
লগতে পঢ়ক: লালুকত মাটিৰ দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ