ETV Bharat / state

MNREGA scam: কামৰ বিনিময়ত নাপালে ধন; জেচিবি লৈ পঞ্চায়তে নিৰ্মাণ কৰা পথ খান্দিবলৈ উদ্যত মালিক - Labour anger

কাম কৰা ধন নাপায় জেচিবি লৈ পঞ্চায়তে নিৰ্মাণ কৰা পথ খান্দিবলৈ উদ্যত জেচিবিৰ মালিক ৷ প্ৰাক্তন সভাপতি-সভানেত্ৰীৰ বিৰুদ্ধে অভিযোগ ৷

corruption in nagaon panchayat
পঞ্চায়তৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিকৰ
author img

By

Published : Jul 26, 2023, 11:36 AM IST

জেচিবিৰে পথ খান্দিবলৈ উদ্যত জেচিবিৰ মালিক

বঢ়মপুৰ, 26 জুলাই : সময়মতে প্ৰাপ্য ধন নাপায় ক্ষোভিত জেচিবিৰ গৰাকী ৷ কাম কৰা ধন নাপায় জেচিবি লৈ পথ খান্দিবলৈ আহিল এজন শ্ৰমিক ৷ প্ৰাপ্য ধন নাপায় পঞ্চায়তে নিৰ্মাণ কৰা পথ খান্দিবলৈ জেচিবি লৈ আহিল জেচিবিৰ মালিকৰ ৷ চৰকাৰী আঁচনিৰ ধন হৰলুকী কৰি কাম সমাপ্ত হোৱাৰ পিচতো জেচিবি মালিকক ধন নিদিয়াত ঠিকাদাৰৰূপী প্ৰাক্তন সভাপতি পোনা বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জেচিবিৰ মালিক ৷

নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী পঞ্চায়তৰ 21-22 বৰ্ষত প্ৰায় 7 লাখ টকা ব্যয় সাপেক্ষে MGNREGA আঁচনিৰ জৰিয়তে এটি পথৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল প্ৰাক্তন সভাপতি পোনা বৰাই ৷ নিয়ম অনুসৰি পঞ্চায়তে কৰিব লগা চৰকাৰী আঁচনিৰ কামসমূহ চাংচকী পঞ্চায়তৰ সভানেত্ৰী দীপিকা বৰাই ঠিকাদাৰৰ হাতত অৰ্পণ কৰিছিল আৰু এই কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে প্ৰাপ্য ধন বছৰ উকলি যোৱাৰ পিচতো লাভ কৰা নাই জেচিবি মালিকে ৷

কেবাবাৰো প্ৰাপ্য ধন বিচৰাৰ পিচতো লাভ নকৰাত অৱশেষত পঞ্চায়তে নিৰ্মাণ কৰা পথ খান্দিবলৈ উদ্যত হয় জেচিবিৰ মালিকে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ৰাইজৰ অনুৰোধত পথটো খন্দাৰ পৰা বিৰত থাকে জেচিবিৰ মালিকজন ৷ এতিয়া প্ৰশ্ন হয়, কাৰ অনুমতি লৈ পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিৰ কামসমূহ ঠিকাদাৰক কৰিবলৈ দিয়ে ৷

উল্লেখ্য যে, দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলস্থিতি গ্ৰহণ কৰা বুলি দাবী কৰি অহা বিজেপি চৰকাৰখনৰ দিনতে বিজেপিৰ জনপ্ৰতিনিধিৰ লগতে বিজেপি কৰ্মীৰ দুৰ্নীতি পোহৰলৈ আহিছে ৷ ইয়াৰ উচিত তদন্ত হ'ব নে বুলি প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক : Namrup BVFCL : বন্ধ নহয় নামৰূপ সাৰ কাৰখানা, বৰং কৰা হ‘ব আধুনিকীকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.