বঢ়মপুৰ,18 মে': কামপুৰৰ বগলাজানত পুৱতি নিশা দাউদাউকৈ জ্বলিল ৰখাই থোৱা এখন জেচিবি ৷ ইয়াৰ পাচতে চাঞ্চল্যৰ সৃ্ষ্টি হয় অঞ্চলটোত ৷ জ্বলি থকা জেচিবিখনত পানী ঢালি জুই নিয়ন্ত্ৰণ কৰে স্থানীয় ৰাইজে । জুইত জেচিবিখনৰ প্ৰায় ৭০ শতাংশ ধ্বংস হয় ৷
বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বাহনখনৰ স্বত্বাধিকাৰী তুলেন্দ্ৰ হাজৰিকাই ৷ তুলেন্দ্ৰ হাজৰিকাই জানিবলৈ দিয়া মতে, ৬ মাহৰ পূৰ্বে ৰে’ল বিভাগৰ কামৰ বাবে RK কোম্পানীক জেচিবিখন দি থৈছিল ব্যক্তিগৰাকীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তুলেন্দ্ৰ হাজৰিকাই ৷
লগতে পঢ়ক :শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত