ETV Bharat / state

New Assamese film Raghav: নগাঁৱত ৰাঘৱৰ প্ৰচাৰত যতীন বৰা

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 8:25 PM IST

নগাঁৱৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত যতীন বৰা, নিশিতা গোস্বামী । মহাবিদ্যালয়ত প্ৰচাৰ মুক্তি পাবলগীয়া যতীন বৰা অভিনীত অসমীয়া ছবি ৰাঘৱৰ । বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি ৰামোজী ফিল্ম চিটিতো হৈছিল ৰাঘৱৰ দৃশ্যগ্ৰহণ ।

Jatin Bora at Raghav campaign in Nagaon
নগাঁৱত ৰাঘৱৰ প্ৰচাৰত যতীন বৰা
নগাঁৱত ৰাঘৱৰ প্ৰচাৰত যতীন বৰা

নগাঁও,২৭ ছেপ্টেম্বৰ: ক্ৰমাৎ যেন ভাল দিন ঘূৰি আহিছে অসমীয়া ছবিজগতৰ । অসমীয়া ছবি জগতৰ আন এক জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ ৰঘুপতিক দৰ্শকে ব্যাপক সমৰ্থন জনোৱাৰ পিছত এইবাৰ মুক্তিৰ পথত যতীন বৰাৰ এখন বহু চৰ্চিত ছবি । অসমৰ ৰাইজক উন্নত প্ৰযুক্তিৰ প্ৰয়োগৰে, বহু কেইগৰাকী অসমীয়া জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ দক্ষ অভিনয়ৰে এক অন্য সোৱাদ দিবলৈ সাজু হৈছে যতীন বৰাৰ ৰাঘৱ ।

২৭ অক্টোবৰত ছবিগৃহলৈ আহিবলগীয়া ছবিখনৰ প্ৰচাৰত নামি পৰিছে ছবিখনৰ কলা-কুশলী । এইবাৰ ৰাঘৱৰ প্ৰচাৰ চলাবলৈ নগাঁৱত উপস্থিত টীম ৰাঘৱ । বুধবাৰে নগাঁৱৰ তিনিখনকৈ মহাবিদ্যালয়ত উপস্থিত হৈ মুক্তি পাবলগীয়া যতীন বৰাৰ অসমীয়া ছবি ৰাঘৱৰ প্ৰচাৰ চলায় যতীন বৰাৰ নেতৃত্বত টীম ৰাঘবে । প্ৰথমে নগাঁও কমাৰ্চ কলেজত অভিনেতা যতীন বৰা, অভিনেত্ৰী নিশিতা গোস্বামীসহ টীম ৰাঘৱ উপস্থিত হৈ প্ৰচাৰ চলায় ৰাঘৱৰ ।

তাৰ পিছতেই নগাঁৱৰ দুখনকৈ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় ক্ৰমে আনন্দৰাম ঢেকিয়াল ফুকন আৰু নগাঁও মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰচাৰ চলায় ৰাঘৱৰ । ৰাঘৱ ছবিত যতীন বৰাৰ সৈতে অভিনয় কৰা অভিনেত্ৰী নিশিতা গোস্বামীয়ে যতীন বৰাৰ সৈতে অভিনয় কৰা প্ৰতিখন ছবিৰে অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি যতীন বৰাৰ সৈতে অভিনয় কৰিলে বহুখিনি শিকিব পাৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷

পূৰ্বৰ ছবিসমূহৰ দৰেই ৰাঘৱক দৰ্শকে আদৰি ল'ব বুলি আশাবাদী অভিনেত্ৰী নিশিতা গোস্বামী । প্ৰচাৰত অভিনেতা যতীন বৰা নিজেই উপস্থিত থাকি সকলোকে অসমীয়া ছবি ৰাঘৱক আদৰি লবলৈ অনুৰোধ জনায় । উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি হিচাপে স্বীকৃতিপ্ৰাপ্ত হাইদৰাবাদস্থিত ৰাম'জি ফিল্ম চিটিতো দৃশ্য গ্ৰহণ কৰা হৈছিল ৰাঘৱৰ ।

লগতে পঢ়ক: corruption in gaon panchayat: পথ নিৰ্মাণৰ নামত অবাধ দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.