ETV Bharat / state

কোভিড আতংকঃ দুদিনৰ বাবে বন্ধ জখলাবন্ধা চিকিৎসালয় - চিকিৎসা কৰ্মীৰ স্বাৱ পৰীক্ষা কৰি হ'ম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ

এশ শতাংশ পৰিস্কৰণৰ পাছত মঙলবাৰৰ পৰাহে জখলাবন্ধা চিকিৎসালয়ত পুনৰ আৰম্ভ হ'ব চিকিৎসা সেৱা ৷ জিলা প্ৰশাসনে জনাইছে এই কথা ৷

Jakhalabandha hospital will be closed for next two days
কোভিড আতংকঃ দুদিনৰ বাবে বন্ধ জখলাবন্ধা চিকিৎসালয়
author img

By

Published : Jun 28, 2020, 4:26 PM IST

Updated : Jul 25, 2020, 3:25 PM IST

নগাঁও, 28 জুন: কোভিড-19 ৰোগীক কেন্দ্ৰ কৰি জখলাবন্ধা চিকিৎসালয়ত উত্তেজনা ৷ কোভিড-19 সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ উৰ্দ্ধতম কৰ্তৃপক্ষৰ ৷ এশ শতাংশ পৰিস্কৰণৰ পাছত মঙলবাৰৰ পৰাহে জখলাবন্ধা চিকিৎসালয়ত পুনৰ আৰম্ভ হ'ব চিকিৎসা সেৱা ৷ জিলা প্ৰশাসনে জনাইছে এই কথা ৷ উল্লেখ্য যে, চিকিৎসালয় খনত চিকিৎসাধীন হৈ ঘৰলৈ উভতি যোৱা ধুতিৰাম মুণ্ডা নামৰ এজন লোকৰ দেহত কোভিড-19 ৰ অৱস্থিতি ধৰা পাছতে চিকিৎসালয় খনত কৰ্মৰত চিকিৎসক, চিকিৎসা কৰ্মী সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ কাৰণ উক্ত ধুতিৰাম মুণ্ডাৰ প্ৰতক্ষ সংস্পৰ্শলৈ আহিছিল চিকিৎসক আৰু চিকিৎসা কৰ্মী সকল ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসালয় খনৰ চিকিৎসক, চিকিৎসা কৰ্মীৰ স্বাৱ পৰীক্ষা কৰি হ'ম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে ৷

উল্লেখ্য যে, যোৱা 25 জুন বৃহস্পতিবাৰে জ্বৰ আৰু পায়খানাত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে জখলাবন্ধা চিকিৎসালয়লৈ আহিছিল নিজৰিৰ ধুতিৰাম মুণ্ডা ৷ চিকিৎসা সেৱা গ্ৰহণ কৰি শনিবাৰে ঘৰলৈ উভতাৰ পিছতে শনিবাৰেই লোক জনৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টত ধৰা পৰে কোডিড-19 পজিটিভ ৷ যোৱা 20 জুন তাৰিখে বহিঃ ৰাজ্যৰ পৰা আহি স্বাৱ পৰীক্ষা কৰিবলৈ দিছিল যদিও ধুতিৰামে এই বিষয়ে চিকিৎসকক অৱগত কৰা নাছিল । যাৰ বাবে ধুতিৰামৰ পোণপটীয়াকৈ সংস্পৰ্শলৈ অহা চিকিৎসক-চিকিৎসাকৰ্মী সহ চিকিৎসালয়ৰ আন সকলোৰে কোভিড-19 পৰীক্ষাৰ বাবে দেওবাৰে স্বাৱ সংগ্ৰহ কৰা হয় ৷

কোভিড আতংকঃ দুদিনৰ বাবে বন্ধ জখলাবন্ধা চিকিৎসালয়

এই সন্দৰ্ভত দেওবাৰে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰ উপস্থিত হৈ জখলাবন্ধা চিকিৎসালয়ৰ অধীক্ষক তথা মহকুমা স্বাস্থ্য বিষয়া ডাঃ খেমন্ত শইকীয়া আৰু চিকিৎসকৰ সৈতে এক আলোচনাত মিলিত হয় ৷ কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগে চিকিৎসক প্ৰতিনিধি দলটোৰে বিষয়টোৰ সন্দৰ্ভত মত বিনিময় কৰে ৷ আৰু ইয়াৰ পিছতে কোভিড-19 ৰ সংক্ৰমণ ৰোধৰ বাবে দেওবাৰ আৰু সোমবাৰে চিকিৎসালয় খন বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ উল্লেখ্য যে, কলিয়াবৰৰ নিজৰিৰ ধুতিৰাম মুণ্ডা (45) ৰ লগত অহা জিকিল এক্কা (24) আৰু গোবিন্দ মূড়া (25) ৰ দেহতো কোভিড -19 সংক্ৰমণ প্ৰমাণিত হোৱাত তিনিওকে শনিবাৰেই নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আনহাতে সন্ধিয়ালৈ কুঁৱৰীটোলৰ একেটা পৰিয়ালৰে সাতজন লোকৰল দেহত কোভিড-19 ৰ অৱস্থিতি ধৰা পৰা পাছতেই অঞ্চলটোত সৃষ্টি হয় ব্যাপক উত্তেজনা ৷

লগতে পঢ়কঃডুমডুমা নৈত সলিল সমাধি দুগৰাকী লোকৰ

Last Updated : Jul 25, 2020, 3:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.