ETV Bharat / state

"সময় আৰু কিতাপেই হৈছে প্ৰকৃত বন্ধু"- সাহিত্যিক ইছমাইল হুছেইন - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

"অসমৰ বঙালী লোকক অসমীয়া হিচাপেই অভিহিত কৰে বহিঃৰাজ্যত। পৃথিৱীত শংকৰদেৱৰ দৰে অদ্বিতীয় ধৰ্মগুৰু কম আছে। সময় আৰু কিতাপেই হৈছে প্ৰকৃত বন্ধু।"- নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ ৷

"সময় আৰু কিতাপেই হৈছে প্ৰকৃত বন্ধু"- সাহিত্যিক ইছমাইল হুছেইন
author img

By

Published : Sep 3, 2019, 8:19 PM IST

নগাঁও,3ছেপ্টেম্বৰঃ "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক এখন সুন্দৰ জাতি দিছে। ভাষা দিছে,সংস্কৃতি দিছে। শংকৰদেৱৰ দৰে অদ্বীতিয় ধৰ্মগুৰু কমেই আছে।"-মঙলবাৰে নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰি ছাত্ৰ-ছাত্ৰীসকলক শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায় বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে। লগতে তেওঁ মন্তব্য কৰে যে নিন্দাৰ শিলগুটিৰে শ্ৰীমন্ত শঙ্কৰদেৱে ভেটি ওখ কৰি চাইছিল দিগন্তলৈ। আনহাতে কিতাপ আৰু সময়েই প্ৰকৃত বন্ধু বুলিও মন্তব্য কৰে ইছমাইল হুছেইনে। অসমৰ বঙালী সম্প্ৰদায়ৰ লোককো বহিঃৰাজ্যত অসমীয়া বুলিয়েই অভিহিত কৰে বুলি মন্তব্য কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে সকলোকে একত্ৰিত হৈ অসমীয়া জাতি শক্তিশালী কৰিবলৈয়ো আহ্বান জনায়। লগতে ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ে বিগত দিনত দেখুওৱা ফলাফল বহু নামজ্বলা বিশ্ববিদ্যালয়েও দেখুৱাব পৰা নাই বুলিও উল্লেখ কৰি ইছমাইল হুছেইনৰ মন্তব্য এই শতিকা হওক ৰামানুজন কলেজৰ । আদৰণি অনুষ্ঠানতে ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু বঁটাৰ লগতে নগদ ধন প্ৰদান কৰে। আদৰণি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক লেখক ডঃ অঞ্জনজ্যোতি চৌধুৰী,শিৱানন্দ কাকতিকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Intro:অসমৰ বঙালী লোকক অসমীয়া হিচাপেই অভিহিত কৰে বহিঃৰাজ্যত। পৃথিৱীত শংকৰদেৱৰ দৰে অদ্বিতীয় ধৰ্মগুৰু কম আছে। সময় আৰু কিতাবেই হৈছে প্ৰকৃত বন্ধু। এই শতিকা হওক ৰামানুজন কলেজৰ । নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন।

Body:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক এখন সুন্দৰ জাতি দিছে। ভাষা দিছে, সংস্কৃতি দিছে। শংকৰদেৱৰ দৰে অদ্বীতীয় ধৰ্মগুৰু কমেই আছে। মঙলবাৰে আগশাৰীৰ শিক্ষানুষ্ঠান নগাওঁ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰি ছাত্ৰ ছাত্ৰীক শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায় বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে। নিন্দাৰ শিলগুটিৰে শ্ৰীমন্ত শঙ্কৰদেৱে ভেটি ওখ কৰি চাইছিল দিগন্তলৈ। লগতে কিতাব আৰু সময়েই প্ৰকৃত বন্ধু বুলিও মন্তব্য কৰে ইছমাইল হুছেইনে। অসমৰ বঙালী সম্প্ৰদায়ৰ লোককো বহিঃৰাজ্যত অসমীয়া বুলিয়েই অভিহিত কৰে বুলিও মন্তব্য কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে সকলোকে একত্ৰিত হৈ অসমীয়া জাতি শক্তিশালী কৰিবলৈয়ো আহ্বান জনায়। লগতে ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ে বিগত দিনত দেখুওৱা ফলাফল বহু নামজ্বলা বিশ্ববিদ্যালয়েও দেখুৱাব পৰা নাই বুলিও উল্লেখ কৰি ইছমাইল হুছেইনৰ মন্তব্য এই শতিকা হওক ৰামানুজন কলেজৰ । আদৰণি অনুষ্ঠানতে ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক বঁটা, সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধন প্ৰদান কৰে। আদৰণি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক লেখক ডঃ অঞ্জনজ্যোতি চৌধুৰী, শিৱানন্দ কাকতিকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে।
bite, ভাষণ।
----------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.