কলিয়াবৰ, 19 ডিচেম্বৰ: ক্ৰমাৎ অতীত হ'বলৈ ধৰিছে চহা জীৱনৰ মৰণা মৰা পৰম্পৰাৰ বিদায় পৰৰ বিলাপ ৷ অসম এখন কৃষিপ্ৰধান ঠাই (Assam is an agricultural place) ৷ অসমৰ অৰ্ধশতাংশ লোকে কৃষিৰ ওপৰত ভিত্তি কৰিয়েই জীৱিকা নিৰ্বাহ কৰে ৷
এসময়ত অসমীয়া চহা জীৱনৰ প্ৰচলিত প্ৰবচন –
"চোতালত সোমাবা মৰণা মাৰিবা
খেৰ জোকাৰিব লাগে
খেৰ জোকাৰিবা
ঘূগুলা চালিবা
তেহে যদি কেচুৱা শোৱে..."
ৰাজ্যত এতিয়া খেতিৰ বতৰ ৷ মূৰৰ ঘাম মাটিত পেলাই কষ্টৰ সুফল পথাৰৰ শইচ মুঠিয়ে চোতাল ভৰে ৷ মৰণা মাৰি ভঁৰাল গজগজীয়া কৰিবৰ বাবে ব্যস্ত হৈ পৰিছে খেতিয়কসকল ৷ দিন বাগৰি যোৱাৰ লগে লগে আধুনিকতাৰ দৌৰত ক্ৰমাৎ অতীত হ’বলৈ ধৰিছে বহুতো পৰম্পৰা ৷ আধুনিকতাৰ নিগনি দৌৰত আমিবোৰ যেন যন্ত্ৰ হৈ পৰিছো ৷ সময়ৰ লগে লগে আমি ঘড়ীৰ কাঁটাডালৰ দৰেই পূৰ্ণগতিত ঘূৰি আছো, যেন পিচলৈ চালেই হেৰাই যাব সকলো ৷
গাঁৱৰ খেতিয়কৰ চোতাল এতিয়া উকাপ্ৰায় ৷ গৰু-ম'হৰ মৰণাৰ ঠাইত আধুনিক মৰণা মৰা যন্ত্ৰৰ কোলাহল গাঁৱৰ চোতালত ৷ তাৰ মাজতে এতিয়াও দুই-এঠাইত অসমীয়া খেতিয়াকৰ মৰণা মৰা পৰম্পৰা দেখিবলৈ পোৱা যায় ৷
এইয়া কলিয়াবৰৰ মাধতাৰী গাঁৱৰ অসমীয়া চহা জীৱনত বিৰল হৈ পৰা মৰণা মৰাৰ দৃশ্য ৷ ঘৰৰ ম'হ হালেৰে মৰণা মৰাত ব্যস্ত এগৰাকী খেতিয়ক ৷ চহা জীৱনৰ এসময়ৰ আভিজাত্যৰ প্ৰতীক ধানৰ মৰণা মৰাৰ পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা খেতিয়কগৰাকীৰ । এনে এক ঐতিহ্যপূৰ্ণ পৰম্পৰা লীন যাবলৈ ধৰাৰ সময়তে খেতিয়কৰ অতি আপোন গৰু বা ম'হহালেৰে বছৰৰ খেতি চপায় চোতাল ভৰাই থোৱা ধানৰ মৰণাৰ দৃশ্যই এসময়ৰ ঘৰে-ঘৰে চোতাল শুৱনি কৰা এই সময়বোৰে আপোনাকো লৈ অতীতৰ সেই সোণসেৰীয়া দিনবোৰলৈ ৷
বিজ্ঞানৰ ন-ন আৱিস্কাৰে যেনেদৰে আধুনিক জীৱন সহজসাধ্য কৰি তুলিছে, ঠিক তেনেদৰে চহা খেতিয়কৰো আধুনিক যন্ত্ৰই যথেষ্ট কষ্ট লাঘৱ কৰিছে ৷ কিন্তু এই ধামখুমীয়াৰ মাজতে আমাৰ সমাজৰ পৰা হেৰাই গৈছে বহু ঐতিহ্য, পৰম্পৰা ৷ এনে এক ঐতিহাসিক পৰম্পৰা লুপ্ত হ'বলৈ লোৱাৰ সময়তে কলিয়াবৰৰ এইগৰাকী খেতিয়কে ক'লে মনৰ কথা, প্ৰকাশ কৰিলে বুকুৰ বেথা (Conversation with a farmer)-
"গাঁৱত গৰু নোহোৱা হৈছে, গৰু পুহিবলৈ বাদ দিলে ৷ মানুহবোৰ ইমানেই ধোদ হৈছে যে গৰু পুহিলেই ঘাঁহ চুব লাগিব বুলি গৰু নোপোহে ৷ চৰকাৰে গাঁৱে গাঁৱে ট্ৰেক্টৰ বিতৰণ কৰিছে, ফলত গাঁৱৰ লোকে ধান কটা মেচিন ওলাল ৷ আমাৰ গাঁৱতে থকা গোটেইখনি লোকৰ ভিতৰত কেৱল এহাল ম’হ আৰু এহাল গৰুহে আছে ৷ এদিন এনেকুৱা এটা দিন আহি পৰিব নৱপ্ৰজন্মক কৃষিৰ সঁজুলি কেইবিধ বুলি সুধিলে উত্তৰ দিব নোৱাৰিব ৷ আমি যদিও কাৰোবাক নাঙল কথা কওঁ আমাক হয়োতে গালিহে পাৰিব ৷ এতিয়াও হয়তো আমাক কোনোবাই কয়েই চাগে এইটোৱে বুৰ্বক বা মুৰ্খ হৈ ম’হেৰে মৰণা মাৰিছে ৷ আমাৰ মানুহে গৰু, ম’হ এৰিলে এতিয়া ৷"
লগতে পঢ়ক: Apiculture farming at west bengal: অসমত মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ মৌ-পালক