নগাঁও, 18 অক্টোবৰ: চৰকাৰী স্বাস্থ্যকেন্দ্ৰত পয়ালগা অৱস্থা (Poor condition in Government hospitals)৷ এইবাৰ খোদ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাৰ চিকিৎসালয়তে নাই পৰ্যাপ্ত চিকিৎসক, নাই পৰ্যাপ্ত ঔষধ ৷ ফলত চিকিৎসাৰ বাবে গৈও চিকিৎসা অবিহনে উভতি আহিছে ৰোগী ৷
নগাঁও জিলাৰ জুৰীয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সৃষ্টি হৈছে উত্তপ্ত পৰিৱেশৰ ৷ বৃহত্তৰ জুৰীয়া, দগাঁও অঞ্চলৰ বহু দৰিদ্ৰ ৰোগীৰ একমাত্ৰ ভৰসাৰ স্থল দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শেহতীয়াকৈ চিকিৎসকৰ নাটনিয়ে হোৱাত বাৰুকৈয়ে বিপাঙত পেলাইছে ৰোগীসকলক(Irregularities treatment at govt hospital)।
অৱশ্যে দীৰ্ঘদিন ধৰি এনে অভিযোগ উত্থাপন হৈ আহিছে যদিও কাণসাৰ দিয়া নাছিল কোনো বিভাগীয় কৰ্তৃপক্ষই ৷ ইয়াৰ মাজতে সোমবাৰে চিকিৎসালয়খনত উপস্থিত হৈ ৰোগীৰ অভাৱ অভিযোগ সন্দৰ্ভত অৱগত হোৱাৰ পিছতেই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ স্থানীয় আঞ্চলিক সমিতি (AAMSU protest against irregularities treatment) ৷ সোমবাৰে সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ এটা প্ৰতিনিধি দল চিকিৎসালয়খনত উপস্থিত হোৱাৰ পিছতেই পোহৰলৈ আহিছে চিকিৎসালয়খনৰ বিভিন্ন অভাৱ অভিযোগৰ কথা ৷
অভিযোগ অনুসৰি চিকিৎসালয়খনত আছিল মাত্ৰ তিনিগৰাকী চিকিৎসক ৷ ৰোগীৰ অনুপাতে তিনিজন চিকিৎসক একোৱেই নহয় ৷ কিন্তু ইয়াৰ পিছতো চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকক এখন নৈ-পৰীয়া চিকিৎসালয়লৈ বদলি কৰাৰ পিছৰ পৰা মাত্ৰ দুগৰাকী চিকিৎসকে চিকিৎসা আগবঢ়াই আহিছে ৷ এইক্ষেত্ৰত চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক নিযুক্তি দিবলৈ স্থানীয় ৰাইজ, দল সংগঠনে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে।
কেৱল এয়াই নহয়, চিকিৎসালয়খনত থকা দুগৰাকী চিকিৎসকেও সময়মতে কৰ্তব্যপালন নকৰাৰো অভিযোগ উত্থাপন হৈছে ৷ আমছু প্ৰতিনিধি দলৰ অভিযোগ অনুসৰি চিকিৎসালয়খনৰ আন দুগৰাকী চিকিৎসকে নিৰ্দ্ধাৰিত সময়ত চিকিৎসালয়ত সেৱা আগবঢ়োৱাৰ বিপৰীতে কোৱাৰ্টাৰত চিকিৎসা প্ৰদান কৰি আহিছে ৷
যাৰ ফলত সম্প্ৰতি দৰিদ্ৰ পৰিয়ালৰ সাধাৰণ ৰোগীসকতলে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ চিকিৎসালয়খনত চিকিৎসা সেৱাৰ নামত সংঘটিত হোৱা অনিয়ম বন্ধ নহ’লে তীব্ৰ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে।
লগতে পঢ়ক: Special examination for Grade IV PWD: 511টা চতুৰ্থ বৰ্গৰ পদৰ বিশেষ পৰীক্ষাৰ নিযুক্তিক লৈ প্ৰতিবাদ