নগাওঁ, 4 ছেপ্তেম্বৰঃ ধোৱাচাঙত অসমৰ শিক্ষাবিভাগ ৷ শিক্ষা বিভাগক বুঢ়া আঙুলি এজন শিক্ষকৰ ৷ ডেৰ বছৰ ধৰি বিদ্যালয়ত অনুপস্থিত শিক্ষক মনোৰঞ্জন বৰা ৷ নগাওঁ জিলাৰ লুটুমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বিষয় শিক্ষক মনোৰঞ্জন বৰাই বিগত 2018 বৰ্ষৰ মাৰ্চ মাহৰ পৰা বৰ্তমানলৈকে বিদ্যালয়ত অনুপস্থিত ৷ ঘৰত বহিয়ে দৰমহা ভোগ কৰি থকাৰ অভিযাগ শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷ শিক্ষা বিভাগৰ বৰমুৰীয়াক মেনেজ কৰাৰো অভিযোগ উত্থাপন হৈছে শিক্ষকজনৰ বিৰুদ্ধে ৷
এই ক্ষেত্ৰত অভিযোগৰ আঙুলি উঠিছে কঠিয়াতলিৰ শিক্ষা বিষয়া ইউনুচ আলি বিৰুদ্ধে ৷ আনহাতে বিদ্যালয়ত অনিয়মীয়া উপস্থিতি, বিদ্যালয়লৈ মাদক দ্ৰব্য সেৱন কৰি অহা, ছাত্ৰ ছাত্ৰীক শিক্ষাদানত গাফিলতি কৰা আদি বিভিন্ন অভিযোগত অভিযুক্ত কৰি পৰিচালনা সমিতিয়ে বিগত সময়ত শিক্ষা বিষয়াৰ ওচৰত লিখিত অভিযোগ দিছিল ৷ কিন্তু শিক্ষক মনোৰঞ্জন বৰাৰ বিৰুদ্ধে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষা বিভাগৰ বিৰুদ্ধে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰিলে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীও ৷