নগাঁও, 27 জানুৱাৰী : সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাৰ তদন্ত আৰম্ভ হৈছে । যোৱা শনিবাৰে নগাঁৱৰ কচলুখোৱাত সংঘটিত হৈছিল বহু বিতর্কিত এই এনকাউণ্টাৰ (Nagaon police encounter)। এই এনকাউণ্টাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা আয়ুক্ত পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে ৷ ৰাজ্য চৰকাৰে গুলীচালনা ঘটনাৰ সন্দৰ্ভত তদন্তৰ দায়িত্ব অৰ্পণ কৰা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে GMCH ত চিকিৎসাধীন হৈ থকা গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাক সাক্ষাৎ কৰি তেওঁৰ ভাষ্য গ্ৰহণ কৰিছে ৷
লগতে চাওক: Nagaon police encounter: আঁঠুৰ তলত বুলেট দিলে কংস মামাই !
আনহাতে, ২৮ জানুৱাৰীত কচলুখোৱাত এণ্টি নাৰ্কটিক স্কোৱাডে চলোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত শুনানি গ্ৰহণৰ বাবে নগাঁৱত উপস্থিত হ’ব অতিৰিক্ত মুখ্য সচিব গৰাকী ৷ শুকুৰবাৰে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ আৱৰ্ত ভৱনত ঘটনাটোৰ প্ৰসংগত প্ৰত্যক্ষদৰ্শীসকলৰ সাক্ষ্য গ্ৰহণ কৰিব (Public hearing of Kirtikamal Bora encounter) ।
উল্লেখ্য যে, শনিবাৰে নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছিল কীৰ্তিকমল বৰা নামৰ প্ৰাক্তন ছাত্ৰ নেতাগৰাকী (Student Leader Shot by Police in Nagaon) ৷ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কীৰ্তিকমল বৰা ড্ৰাগছৰ সৈতে জড়িত আৰু আৰক্ষীক আক্ৰমণ কৰাৰ বাবে গুলীচালনা কৰা বুলি মন্তব্য কৰিছিল (Anand Mishra's reaction of Kirtikamal Bora) ৷
![Investigation start on student leader shot in Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14293896_a.jpg)
লগতে চাওক: গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন
ইয়াৰ পিছতে কীৰ্তি কমল বৰা নিৰ্দোষী আৰু শনিবাৰৰ এনকাউণ্টাৰ ভুৱা বুলি অভিযোগ উত্থাপন কৰি নগাঁৱৰ ছাত্ৰ সমাজ আৰু বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তুলিছিল নগাঁও চহৰ (Protest against Nagaon Police)৷ আনকি মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা বৰাক নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাডৰ ABSI প্ৰদীপ বণিয়াই সুৰামত্ত হৈ গুলীচালনা কৰাৰো গুৰুত্বৰ অভিযোগ উঠিছিল ।
![Investigation start on student leader shot in Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-01-27jan-investigation-on-nagaon-encounter-image-7203829_27012022111318_2701f_1643262198_666.jpg)
এনে অৱস্থাত চৰকাৰে অতিৰিক্ত মুখ্য সচিবক লৈ ঘটনাৰ সন্দৰ্ভত গঠন কৰি দিয়া তদন্ত কমিটিৰ সঠিক তদন্তলৈ আশাৰে বাট চাইছে উৎকণ্ঠিত ৰাইজে ৷ ইয়াৰ মাজতে বহুতে দাবী কৰিছে ন্যায়িক তদন্তৰ । উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে ঘটনাৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে ।
লগতে চাওক: Nagaon Police Encounter : আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু