ETV Bharat / state

কংগ্ৰেছৰ ভিতৰচ’ৰাত চলিছে খোৱাকামোৰাঃ তুংগত উঠিছে অনিল-ৰকিৰ বাকযুদ্ধ

প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিস্ফোৰণ ৷ কংগ্ৰেছত থাকি কংগ্ৰেছৰ বিৰুদ্ধেই ষড়যন্ত্ৰৰ অভিযোগ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ ইফালে নগাঁৱত অনিল ৰাজা আৰু ৰূপজ্যোতি কুৰ্মীক উভতি ধৰিলে ৰকিবুল হুছেইনে ৷

কংগ্ৰেছৰ ভিতৰচ’ৰাত চলিছে খোৱাকামোৰা
author img

By

Published : Nov 8, 2019, 11:53 PM IST

নিউজ ডেস্ক, 8 নৱেম্বৰঃ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিস্ফোৰণ ৷ কংগ্ৰেছত থাকি কংগ্ৰেছৰ বিৰুদ্ধেই ষড়যন্ত্ৰৰ অভিযোগ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনিল ৰাজাই গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সৰৱ হৈ পৰে একালৰ সতীৰ্থ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ ৰকিবুল হুছেইনে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভৰিত ধৰি কংগ্ৰেছত যোগদান কৰিছিল আৰু আজি সেই ব্যক্তিজনৰ পুত্ৰৰ বিৰুদ্ধেই ষড়যন্ত্ৰ ৰচিছে বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰে অনিল ৰাজাই ৷

ইয়াৰোপৰি বৰ্তমান কংগ্ৰেছৰ ভিতৰচৰাত অন্তঃকন্দলে দেখা দিয়া বুলিও মন্তব্য কৰে ৰাজাই ৷ ৰকিবুলৰ বংশই মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ ভাৰতৰ স্বাধীনতা আন্দোলনক কেতিয়াও সমৰ্থন কৰা নাছিল আৰু স্বাধীন ভাৰতৰ পৰিৱৰ্তে জিন্না আৰু পাকিস্তানক সমৰ্থন কৰিছিল বুলিও তাচ্ছিল্য কৰে কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনে ৷ আনহাতে কংগ্ৰেছত থাকি হিমন্তৰ সৈতে লগ লাগি ৰকিবুলে তৰুণ গগৈ, ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈ সকলোকে বিশ্বাসঘাতকতা কৰিছে বুলিও কটাক্ষ কৰে তেওঁ ৷

আৰু পঢ়কঃনাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন বৰাক কংগ্ৰেছৰ

উক্ত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধেও সৰৱ হৈ উঠে অনিল ৰাজা । তেওঁ কয় যে, ৰিপুন বৰা মেৰুদণ্ডহীন আৰু দক্ষতাহীন, অতীতৰ বহু কলংকিত অধ্যায়ৰ বাবে তেওঁক কংগ্ৰেছৰ নেতাসকলে সভাপতি ৰূপত কেতিয়াও স্বীকাৰ নকৰে । প্ৰাক্তন সাধাৰণ সম্পাদক অনিল ৰাজাক দলৰ পৰা বহিস্কাৰ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজাই কয় ' মোক কোনো দলৰ পৰা বহিস্কাৰ কৰিব নোৱাৰে’ ‘দলৰ সংবিধান উলংঘা কৰি মোক নিলম্বন কৰা হৈছে’ ৷

পুনৰবাৰ ৰকিবুলক সমালোচনা কৰি কয় যে, ৰকিবুলে সভাপতি পদৰ বাবে যি সপোন দেখি আছে সেয়া কেতিয়াও পূৰণ নহয় । ৰকিবুলৰ পৰিয়াল বাংলাদেশৰ ঢাকাৰ মাছ বেপাৰী বুলিও তীব্ৰ কটাক্ষ কৰে ৰাজাই ৷

অনিল ৰাজা বিজেপিৰ দালাল বুলি ৰকিবুলে কৰা মন্তব্য সন্দৰ্ভত ৰাজাই কয় যে 'মই কংগ্ৰেছকৰ্মী, আৰু মই কংগ্ৰেছতে থাকিম, বিজেপিলৈ কেতিয়াও নাযাওঁ' । ৰাজ্যত কংগ্ৰেছৰ সভাপতি পৰিৱৰ্তনৰ জল্পনা-কল্পনা চলি থকাৰ সময়তে দেৱব্ৰত শইকীয়াৰ নামৰ ইংগিত বহন কৰি ৰাজাই কয় যে, কংগ্ৰেছ শাসনকালত থকা কোনো মন্ত্ৰীক সভাপতি পদ দিব নালাগে ৷

কংগ্ৰেছৰ ভিতৰচ’ৰাত চলিছে খোৱাকামোৰা

ইফালে নগাঁৱত অনিল ৰাজা আৰু ৰূপজ্যোতি কুৰ্মীক উভতি ধৰিলে ৰকিবুল হুছেইনে ৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এক সংবাদমেল আয়োজন কৰি তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা অনিল ৰাজা আৰু ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ৰকিবুল হুছেইনক গেলা আলু আখ্যা দিয়াৰ প্ৰত্যুত্তৰত নাম নোলোৱাকৈ মন্তব্য কৰে যে, নিজকে সুগন্ধি আলু বুলি ভৱা একাংশৰ নিজৰ সমষ্টিতে নাই কোনো অস্তিত্ব । লগতে কয় যে, কিছুদিন পূৰ্বে বিজেপিত যোগদানৰ চেষ্টা কৰিও স্থান লাভ নকৰাৰ পিছত এতিয়া কংগ্ৰেছত আৰম্ভ কৰিছে বিসম্বাদ ৷

ইপিনে অনিল ৰাজাকো উভতি ধৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সংবাদ মেলত কেবাটাও বিস্ফোৰক মন্তব্য কৰে ৷ একালৰ সতীৰ্থ অনিল ৰাজাক চোকা সমালোচনা কৰি ৰকিবুল হুছেইনে ৰাজহুৱা কৰিলে দুটাকৈ বিস্ফোৰক অডিঅ’ ক্লিপ । অডিঅ’ ক্লিপ দুটাত ৰকিবুল হুছেইনৰ পূৰ্বৰ এগৰাকী দেহৰক্ষী আৰু অনিল ৰাজাৰ মাজত হোৱা কথোপকথন সন্নিৱিষ্ট আছে । ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই অনা অগাধ সম্পত্তিৰ অভিযোগত সাঙুৰ খাইছিল এইগৰাকী দেহৰক্ষীৰ নাম । ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগত আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থকাৰো অভিযোগ কৰি তেওঁ ৰাজহুৱা কৰে অডিঅ’ ক্লিপটো । কংগ্ৰেছৰ হাইকামাণ্ড ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্ব সন্দৰ্ভতো মন্তব্য কৰি ৰকিবুল হুছেইনে কয় যে, দিল্লী নেতৃত্বই সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছে ৷

কংগ্ৰেছৰ ভিতৰচ’ৰাত চলিছে খোৱাকামোৰা

আনহাতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ গৈ অনিল ৰাজাই স্বাধীনতা সংগ্ৰামী উমা ফুকনৰ প্ৰসংগ উত্থাপন কৰা কাৰ্যক গৰিহণা দিয়ে উমা ফুকনৰ পৰিয়ালে । ভৱিষ্যতে ৰাজনৈতিক বিবাদত উমা ফুকনৰ নাম ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে উমা ফুকনৰ কন্যা বিভা ফুকনে ।

Intro:'কংগ্ৰেছত থাকি কংগ্ৰেছৰ বিৰুদ্ধেই ষড়যন্ত্ৰ ৰচিছে ৰকিবুলে''--- অনিল ৰাজা

Body:শুকুৰবাৰে ভঙাগড়ৰ শ্ৰীমন্তপুৰৰ নিজা বাসভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অনিল ৰাজাই এক সংবাদমেল সম্বোধন কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ পৰে। এই সংবাদমেলত ৰাজাই কয় যে এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভৰিত ধৰি কংগ্ৰেছত যোগদান কৰি আজি ৰকিবুল হুছেইনে সেই ব্যক্তিজনৰ পুত্ৰৰ বিৰুদ্ধেই ষড়যন্ত্ৰ ৰচিছে। কেতিয়াও ৰকিবুলে দলৰ হিতৰ বাবে চিন্তা নকৰে বুলিও কয়। কংগ্ৰেছৰ ভিতৰচৰাত বৰ্তমান অন্তকন্দলে দেখা দিছে।

উক্ত সংবাদমেলত ৰাজাই কয় যে ৰকিবুলৰ বংশই মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ ভাৰত স্বাধীনতা আন্দোলনক কেতিয়াও সমৰ্থন কৰা নাছিল। কিয়নো স্বাধীন ভাৰতৰ পৰিৱৰ্তে জিন্না আৰু পাকিস্তানক সমৰ্থন কৰিছিল। কংগ্ৰেছত থাকি হিমন্তৰ সৈতে লগ লাগি ৰকিবুলে তৰুণ গগৈ, ৰিপুন বৰা, প্ৰদ্যুত বৰদলৈকে ধৰি বিশ্বাসঘাতকতা কৰিছে।

উক্ত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অনিল ৰাজা। ৰিপুন বৰা মেৰুদণ্ডহীন আৰু দক্ষতাহীন। ৰিপুন বৰাৰ অতীতৰ বহু কলংকৃত অধ্যায়ৰ বাবে তেওঁক কংগ্ৰেছৰ নেতাসকলে সভাপতি ৰূপত স্বীকাৰ নকৰে। ইফালে তৰুণ গগৈক সভাপতি পদৰ বাবে পৰোক্ষভাৱে গ্ৰহণ নকৰা কেন্দ্ৰ কৰি কয় যে গগৈৰ বয়সৰ বাবে হয়তো তেওঁক সভাপতি পদত গ্ৰহণ নকৰে।

প্ৰাক্তন সাধাৰণ সম্পাদক অনিল ৰাজাক দলৰ পৰা বহিস্কাৰ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজাই কয় ' মোক কোনো দলৰ পৰা বহিস্কাৰ কৰিব নোৱাৰে। দলৰ সমিধান উলংঘা কৰি মোক নিলম্বন কৰা হৈছে। মই এতিয়াও কংগ্ৰেছৰ প্ৰাথমিক সদস্য'। লগতে কয় যে যি সময়ত ইন্দিৰা গান্ধীৰ বিপদৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু দেৱকান্ত বৰুৱাই সংগ দিয়া নাছিল সেই সময়ত ৰাজাই বিষ্ণুপ্ৰসাদ ৰাভা, আনোৱাৰা টাইমূৰৰ দৰে নেতাসকলে সংগ দিছিল। তেওঁ এতিয়াও কংগ্ৰেছ দলৰ হৈ চিন্তা কৰে। পুনৰবাৰ ৰকিবুলক কটাক্ষ কৰি কয় যে ৰকিবুলে সভাপতি পদৰ বাবে যি সপোন দেখি আছে সেয়া কেতিয়াও পূৰণ নহয়। ৰকিবুলৰ পৰিয়াল বাংলাদেশৰ ঢাকাৰ মাছ বেপাৰী বুলিও তীব্ৰ কটাক্ষ কৰে ৰাজাই।

অনিল ৰাজা বিজেপিৰ দালাল বুলি ৰকিবুলে কৰা মন্তব্য সন্দৰ্ভত ৰাজাই কয় ' মই কংগ্ৰেছকৰ্মী, আৰু মই কংগ্ৰেছতে থাকিম। বিজেপিত কেতিয়াও নাযাওঁ'। ৰাজ্যত কংগ্ৰেছৰ সভাপতি পৰিৱৰ্তনৰ জল্পনা কল্পনা চলি থকাৰ সময়তে ৰাজাই কয় যে কংগ্ৰেছ শাসনকালত থকা কোনো মন্ত্ৰীক সভাপতি পদ দিব নালাগে। ৰাজাই ইংগিত দিলে দেৱব্ৰত শইকীয়াৰ নাম।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.