নগাঁও, ২৭ মে': ড্ৰাগছ সৰবৰাহৰ ঘাটিলৈ ৰূপান্তৰিত হোৱা নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ লগতে সকলো অপৰাধ নিৰ্মূলৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে আৰক্ষী অধীক্ষক নৱনীত মহন্তই (Nagaon SP interact with journalist) । শনিবাৰে সাংবাদিকৰ সৈতে মত বিনিময় কৰি নৱনিযুক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্তই এইদৰে আশা প্ৰকাশ কৰে । নগাঁও আৰক্ষী ছাউনিৰ প্ৰেক্ষাগৃত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত নগাঁও সদৰৰ সাংবাদিকসকলৰ সৈতে জিলাখনৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয় আৰক্ষী অধীক্ষক নৱনীত মহন্ত, নগাঁও সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰতীব লাল মহন্ত, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই ।
বিগত কিছু দিনত একপ্ৰকাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা নগাঁৱক এতিয়া অপৰাধমুক্ত কৰাৰ সংকল্প লৈছে নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তই । তেওঁ বিশেষকৈ ড্ৰাগছ সৰবৰাহৰ ঘাটিলৈ ৰূপান্তৰিত হোৱা নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ লগতে সকলো অপৰাধ নিৰ্মূল কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে । বিগত সময়ত অৰ্থাৎ আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যকালত নগাঁৱত চুৰি, লুটপাত, হত্যা, ড্ৰাগছকে ধৰি অন্যান্য অপৰাধো সঘনাই সংঘটিত হৈছিল । কিন্তু বৰ্তমানৰ নগাঁও আৰক্ষী অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষক নৱনীত মহন্তই ।
কেৱল এয়াই নহয় ,আৰক্ষী আৰু সাধাৰণ নাগৰিকৰ মাজত সু সম্পৰ্ক গঢ়ি তোলাৰো প্ৰয়াস কৰা হ'ব বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষক নৱনীত মহন্তই । আনকি আৰক্ষী থানা চৌহদতে কোনো দালালে প্ৰৱেশ কৰিব নোৱাৰে বুলিও একপ্ৰকাৰ হুংকাৰ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । নগঞা সাংবাদিকৰ পৰা নগাঁৱৰ মূল সমস্যাৰ বুজ লৈ নগাঁৱৰ প্ৰতিখন আৰক্ষী থানাতেই ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা ফোন নম্বৰৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষক নৱনীত মহন্তই । উল্লেখযোগ্য যে, অপৰাধীৰ ঘাটিত পৰিণত হোৱা নগাঁৱৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে নৱনীত মহন্তৰ নেতৃত্বৰ আৰক্ষীয়ে কিদৰে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ।