কলিয়াবৰ, 23 মে': জখলাবন্ধাৰ নৱ-নিৰ্মিত কলিয়াবৰ মহকুমা চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য নিৰীক্ষণ কৰিবলৈ দেওবাৰে হঠাৎ উপস্থিত হয় ৰাজ্যৰ নৱ-নিযুক্ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷ এমাহৰ ভিতৰত জখলাবন্ধাত নতুনকৈ নিৰ্মীয়মান ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ কাম সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰক কাঢ়া নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ।
নতুনকৈ নিৰ্মিয়মান চিকিৎসালয় খনত উপস্থিত হৈ কাম কাজৰ বুজ লোৱাৰ লগতে চিকিৎসালয়খন সম্পূৰ্ণ হোৱাৰ লগে-লগে কলিয়াবৰৰ এক দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱা আশা মন্ত্ৰী মহন্তৰ । বৰ্তমান ৰাজ্যৰ কৰ'ণা সংকট কালত হ'ব পৰা অক্সিজেনৰ নাটনি এতিয়াৰে পৰা অসমত নহয় বুলি জনোৱাৰ লগতে তাৰ বাবে চৰকাৰে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।
ইয়াৰ উপৰিও অতি শীঘ্ৰে অসমৰ পৰা অক্সিজেন ত্ৰিপুৰা, অৰুণাচল আৰু মেঘালয়তো যোগান ধৰিব পৰা যাব বুলিও সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে । উল্লেখযোগ্য যে, নতুনকৈ গঠন হোৱা ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত গৃহ সমষ্টি কলিয়াবৰত প্ৰথম বাৰলৈ উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ।
লগতে পঢ়ক : এজাৰ ফুলিলেই বেজাৰ লাগে মাজুলীবাসীৰ: কিন্তু কিয় ?