ৰূপহীহাট,13 মাৰ্চ: ৰূপহীহাটৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাক কৰা আক্ৰমণৰ ঘটনাৰ নতুন মোৰ ৷ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে দেহৰক্ষী থকাৰ পাছতো দেহৰক্ষীৰ অজ্ঞাতে নিশা পাৰিবাৰিক কাৰণত বাহিৰলৈ ওলাই গৈছিল ৷ যাৰ ফলত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷ এয়া এক সম্পূৰ্ণ পাৰিবাৰিক ঘটনা বুলিহে পোহৰলৈ আহিছে ৷
ঘটনাটো আবু শ্বামাই সজাই-পৰাই সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ স্বাৰ্থত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে বুলি সংবাদমেল যোগে সদৰী কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই ৷ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত জুৰীয়াৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই বুলি মন্তব্য কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।