ETV Bharat / state

বানৰ কবলত পুৰণিগুদামৰ বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Jun 4, 2020, 12:32 PM IST

বাৰিষাৰ প্ৰথমটো বানে দিশহাৰা কৰিছে নগাঁৱৰ পুৰণিগুদামৰ চলচলীবাসীক ৷ অঞ্চলটোত থকা বৰো ধানৰ খেতিপথাৰসমূহ বানৰ কবলত পৰাত হতাশাত ভূগিছে কৃষকসকল ৷ ক্ষতিপূৰণ বিচাৰি চৰকাৰক আবেদন জনাইছে কৃষকসকলে ৷

increase flood at puranigudam nagaon assam etv bharat news
বানৰ কবলত পুৰণিগুদামৰ ন ন অঞ্চল

নগাঁও,4 জুন: বাৰিষাৰ প্ৰথমটো বানে ইতিমধ্যে প্লাৱিত কৰিছে ৰাজ্যৰ বহু অঞ্চল । বানৰ কবলত পৰি ডুব গৈছে শতাধিক কৃষি ভূমি । নগাঁৱৰ পুৰণিগুদামৰ চলচলীতো এতিয়া হোৰাহোৰে বাঢ়িছে পানী । ননৈ নৈৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাত এতিয়া জিলাখনৰ ন ন অঞ্চল প্লাৱিত হোৱাৰ লগতে ডুব গৈছে বৃহৎ পৰিমাণৰ বৰোধানৰ পথাৰ ৷ ফলত অভাৱনীয় বিপদৰ সন্মুখীন হৈছে কৃষকসকল । শেহতীয়াকৈ চলচলী মুছলিম গাঁৱৰ প্ৰায় দুই শতাধিক কৃষক বানৰ কবলত পৰিছে ৷

বানৰ কবলত পুৰণিগুদামৰ ন ন অঞ্চল

আনহাতে, কৃষকসকলে বন্ধন গোটৰ পৰা ঋণ লৈ কৰা খেতিসমূহ নষ্ট হোৱাত মূৰে-কপালে হাত দিবলগীয়া হৈছে । বৰো ধানৰ খেতিকেই একমাত্ৰ উপাৰ্জনৰ আহিলা হিচাপে গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰা এইসকল কৃষকে বাঢ়নী পানীৰ বাবে পেটৰ ভাত মুঠিৰ ব্যৱস্থা কৰিব নোৱাৰি চৰকাৰৰ সহায় বিচাৰিছে ৷

লগতে চাওকঃ ঐতিহাসিক ধোদৰ আলিৰ বিধ্বস্ত ৰূপঃ নিৰ্বিকাৰ গড়কাপ্তানি বিভাগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.