ETV Bharat / state

35 বছৰে নিৰ্মাণ অসম্পূৰ্ণ বঢ়মপুৰৰ এটা বিধস্ত পথৰ

author img

By

Published : Jun 7, 2021, 9:46 AM IST

বঢ়মপুৰ সমষ্টিৰ চলচলি মুছলিম গাঁও আৰু চাপানালা সংযোগী এটা বিধস্ত পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ বিগত 35 বছৰে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

35 বছৰে নিৰ্মাণ অসম্পূৰ্ণ বঢ়মপুৰৰ এটা বিধস্ত পথৰ
35 বছৰে নিৰ্মাণ অসম্পূৰ্ণ বঢ়মপুৰৰ এটা বিধস্ত পথৰ

চামগুৰি,7 জুন: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি মুছলিম গাঁও তিনিআলিৰ পৰা চাপানালা সংযোগী লোক নিৰ্মাণ(PWD) বিভাগৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ বিগত 35 বছৰে সম্পূৰ্ণ নহ’ল এই বিধ্বস্ত পথচোৱা ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে এতিয়া স্থানীয় ৰাইজ ৷

বিগত 35 বছৰে অঞ্চলবাসীয়ে জ্বলা-কলা খোৱা এই পথচোৱাত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ বাৰিষাৰ দিনত পথটোৰ ওপৰেৰে পানী বৈ যোৱাৰ লগতে পথচোৱা কঠিয়া পেলাই ভূঁই ৰুব পৰা অৱস্থালৈ পৰিণত হয় । এই পথটোৱে প্ৰায় ৮-১০ খন গাঁও সামৰি আছে ৷ তাৰ উপৰিও এই বিধ্বস্ত পথৰ ওপৰেৰে অহা-যোৱা কৰিব লাগে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনন্দিন আহ-যাহ কৰা লোকসকল । আনকি জৰুৰীকালীন সেৱাৰ কোনো বাহন পাৰ হ’ব নোৱাৰে এই পথচোৱাৰে ৷

কিন্তু এই বিষয়ে কাণসাৰ নাই লোক নিৰ্মাণ(PWD) বিভাগৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ । স্থানীয় ৰাইজে নৱ-নিৰ্বাচিত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী(MLA Jitu Goswami)ৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ(PWD) বিভাগৰ দায়িত্বত থকা ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Bishwa Sarma)ক এই পথচোৱা অতি সোনকালে মেৰামতি কৰি ৰাইজক কিছু সকাহ দিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: হোজাইৰ বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.