চামগুৰি, ২৭ ছেপ্টেম্বৰ: চামগুৰি বাজিয়া গাঁও গাঁও পঞ্চায়তত IMP বান্ধৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বাজিয়া গাঁও উন্নয়ন খণ্ডৰ জি আৰ এছ দীপক কলিতাই নিজৰেই ভাতৃক ঠিকাদাৰ সজাই আৰম্ভ কৰিছে দুৰ্নীতিৰ এক নতুন আখ্যান । উল্লেখ্য যে, চামগুৰিৰ বাজিয়া গাঁও উন্নয়ন খণ্ডৰ গাতে লাগি থকা বাজিয়া গাঁও পঞ্চায়তৰ গেৰুৱামুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা দাস গাঁও নামঘৰ সংযোগী IMP বান্ধৰ নামত কাম নকৰাকৈ ধন আত্মসাৎ কৰাৰ অভিযোগ জি আৰ এছ দীপক কলিতাৰ ঠিকাদাৰৰূপী ভাতৃ মৃদুল কলিতাৰ বিৰুদ্ধে ।
কনিষ্ঠ ভাতৃ জি আৰ এছ হোৱাৰ সুবাদত বাজিয়া গাঁও উন্নয়ন খণ্ডৰ বাজিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ১১২ নং গেৰুৱামুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা দাস গাঁও নামঘৰ সংযোগী প্ৰায় ৭০০ মিটাৰ দৈৰ্ঘ্যৰ IMP বান্ধৰ নামত আৱন্টন হোৱা মূলধন ৭ লাখ ৪৩ হাজাৰ ৯ শ ৩১ টকাৰে মাত্ৰ দুই গাড়ী নিম্নমানৰ শিল পেলাই প্ৰায় ৩ লাখ ৯০ হাজাৰ টকা ডিমাণ্ড দি উঠোৱাৰ তথ্য পোহৰলৈ অহাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ।
ৰাইজৰ বাৰম্বৰ অভিযোগৰ পাচত গাঁওখনৰ দুফালে দুটা মূৰত মাত্ৰ দুই ডাম্পাৰ শিল পেলাই দায়িত্ব সামৰাৰ অভিযোগ মৃদুল কলিতাৰ বিৰুদ্ধে । ৰাইজক অৱগত নকৰাকৈ নিশাৰ আন্ধাৰত শিল পেলোৱাৰ অন্য এক অভিযোগ একাংশ গেৰুৱামুখ ৰাইজৰ । জি আৰ এছ দীপক কলিতাৰ ইয়াৰ উপৰিও আছে বহুতো ক'লা অধ্যায় । এইবাৰ দীপক কলিতাৰ লগত লুণ্ঠনৰাজত নামি পৰিছে নিজ ভাতৃ মৃদুল কলিতা । দীপক কলিতা বাজিয়া গাঁও উন্নয়ন খণ্ডৰ জি আৰ এছ হোৱাৰ সুবিধাৰে IMP বান্ধটোৰ কামৰ দায়িত্ব পালে মৃদুল কলিতাই ।