নগাঁও,5জুলাইঃ মহামাৰী ক'ৰনাৰ আতংকৰ মাজতো নগাঁৱত অব্যাহত আছে অবৈধ তীৰ খেল। তীৰৰ বেহাত সাঙোৰ খাইছে এজন বিজেপি কৰ্মীৰ নাম । নগাঁও আৰক্ষীয়ে তীৰৰ বিৰুদ্ধে অভিযান চলাই হয়বৰগাঁও ৰে'ল ষ্টেচনৰ সমীপৰ পৰা পিংকু ঘোষ নামৰ এজন যুৱকৰ লগতে ৭ জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ তিনি হাজাৰ টকা আৰু তীৰ খেলৰ বহীও জব্দ কৰে ।
উল্লেখ্য যে, ধৃত আটাইকেইজনকে নগাঁও আদালতত হাজিৰ কৰোৱাৰ অন্তত প্ৰেৰণ কৰে জেল হাজোতলৈ । জানিব পৰামতে, পিংকু ঘোষ নামৰ যুৱকগৰাকী বিজেপি দলৰ কৰ্মী । তীৰ খেলৰ দৰে অসামাজিক কাৰ্যত বিজেপি দলৰ কৰ্মী গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত।
লগতে পঢ়কঃ নেপালৰ ৰাজনৈতিক অস্থিৰতা : অলি শৰ্মা আৰু পুষ্প কমল ডাহালৰ আলোচনা অসম্পূৰ্ণ