ETV Bharat / state

PDS Rice Scam: নগাঁৱত চৰকাৰী চাউলৰ চোৰাং বেহা - Illegal rice busines

নগাঁৱত দৰিদ্ৰ পৰিয়ালৰ বাবে আৱণ্টিত চৰকাৰী চাউলৰ ক'লা বেহা(PDS Rice Scam) । নীৰৱ নগাঁও যোগান বিভাগ । আৰক্ষীয়ে উদ্ধাৰ কৰিলে মিলত গোপনে মজুত ৰখা চৰকাৰী চাউল । চৰকাৰী চাউলৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত এজনক আটক ।

illegal trade in government rice in nagaon
Corruption in government rice: নগাঁৱত চৰকাৰী চাউলৰ চোৰাং বেহা
author img

By

Published : Oct 15, 2022, 6:44 PM IST

নগাঁও,১৫ অক্টোবৰ: দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে বিনামূলীয়া অথবা সুলভ মূল্যত যোগান ধৰি আহিছে চাউল । কিন্তু নগাঁৱত দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে আৱণ্টন দিয়া চাউলৰ চলিছে ক'লা ব্যৱসায়(PDS Rice Scam) । শনিবাৰে নগাঁও আৰক্ষীৰ এক অভিযানৰ পিছতেই পোহৰলৈ আহিছে চৰকাৰী চাউলৰ চোৰাং বেহাৰ তথ্য । নগাঁও যোগান বিভাগৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ গ্ৰহণ কৰিয়েই চৰকাৰী চাউল বিতৰণত জড়িত একাংশ লোকে মধ্যভোগীৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ বাবে আৱণ্টিত চাউলৰ চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে(Illegal rice busines) ।

Corruption in government rice: নগাঁৱত চৰকাৰী চাউলৰ চোৰাং বেহা

বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱতাৰ বিপৰীতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাংকৈ বিক্ৰীৰ বাবে মজুত ৰখা চৰকাৰী চাউল । শনিবাৰে নগাঁৱৰ বেবেজীয়া আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই এটা মিলৰ পৰা জব্দ কৰে ৭৬ বেগ চৰকাৰী চাউল(Government rice seized in Nagaon) । নগাঁৱৰ দক্ষিণপাট সত্ৰৰ সমীপৰ এটা মিলত চৰকাৰী চাউল মজুত ৰখাৰ তথ্য লাভ কৰি অভিযান চলাইছিল মিলত ।

অভিযানত আৰক্ষীৰ দলটোৱে বহুকেইটা চাউলৰ বস্তা জব্দ কৰাৰ উপৰিও AS 02 CC 7585 নম্বৰৰ এখন ডি আই বাহনো জব্দ কৰিবলৈ সক্ষম হয় । লগতে চৰকাৰী চাউলৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত পুতুল আলী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় বেবেজীয়া আৰক্ষীৰ দলটো । জব্দকৃত চাউলসমূহ হোজাই জিলাৰ ডবকালৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা বলি এক তথ্য লাভ কৰে আৰক্ষীয়ে ।

কিন্তু নগাঁৱত চৰকাৰী চাউলৰ চোৰাং বেহা চলি থকাৰ পিছতো নগাঁও যোগান বিভাগৰ বিপৰীতে আৰক্ষীয়ে অভিযান চলোৱাত যোগান বিভাগলৈ সন্দেহৰ আঙুলি টোঁৱাইছে একাংশই । জব্দ কৰা চাউলসমূহ ক'ৰ পৰা কোনে ক'লা বজাৰলৈ পঠিয়াইছে সেয়া এই পৰ্য্যন্ত পোহৰলৈ অহা নাই । এইক্ষেত্ৰত যোগান বিভাগে পৰৱৰ্তী সময়ত কিদৰে তদন্ত আগবঢ়ায় সেয়াও হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Guwahati suicide case: খিৰিকীত চীপ লৈ আত্মহত্যা সহকাৰী সঞ্চালক বিপুল কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.